নলবাৰী জিলাৰ এগৰাকী ছাত্ৰ আজি আঠদিনে সন্ধানহীন হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।ATM ত পইছা উলিয়াবলৈ গৈ সন্ধানহীন চামতা ইডেন ভেলি একাডেমীৰ ছাত্ৰ কৰ্নব তালুকদাৰ। নলবাৰী জিলাৰ পিপলিবাৰী গাৱঁৰ সন্ধানহীন ছাত্ৰ জনৰ পৰিয়ালে ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে বেলশৰ থানাৰ অন্তৰ্গত পিপলিবাৰী গাৱঁৰ অনিল তালুকদাৰৰ ১৯ বছৰীয়া পুত্ৰ তথা চামতাৰ ইডেন ভেলি একাডেমীৰ দ্বাদশ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ কৰ্নব তালুকদাৰে যোৱা ৮ জুলাইৰ দিনৰ ১১ বজাত ঘৰৰ পৰা চামতাৰ ষ্টেট বেংকৰ ATM লৈ টকা উলিয়াবলৈ বুলি যোৱাৰে পিছৰে পৰা সন্ধানহীন হৈ পৰে।ক’লৈ গ’ল কৰ্নব তালুকদাৰ ? তাকে লৈ এতিয়া উৎকন্ঠাত আছে পৰিয়ালটো । পৰিয়ালৰ লোকে আত্মীয় কুটুম্ব, বন্ধু- বান্ধবৰ ঘৰ আদি সকলোতে বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই কৰ্ণবৰ । পৰিয়ালৰ লোকে বেলশৰ থানা আৰু চামতা পহৰা চকীত ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও সম্ভেদ উলিয়াব পৰা নাই কৰ্নবৰ । কৰ্ণবক ঘৰলৈ উভতিবৰ বাবে কান্দি-কান্দি কাতৰ আহ্বান কৰ্নবৰ মাতৃৰ ।

