ক’ৰণাকালীন পৰিস্থিতিৰ বাবে সৰ্বসাধাৰণ লোকৰ জন জীৱন বিপৰ্যস্থ হৈ পৰা মূুহুৰ্তত আজি দক্ষিণ কামৰূপৰ গৰৈমাৰীত দিব্যাংগ লোকৰ কাষত সহায়ৰ হাতলৈ থিয় দিয়ে ৰাজ্যৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন এটাই ৷ ক’ৰণা মহামাৰীৰ বাবে সমাজৰ আটাইতকৈ অৱহেলিত তথা বিশেষভাৱে সক্ষম লোক সকল বেচিকৈ জুৰুলা হৈ পৰাৰ প্ৰতি লক্ষ ৰাখি “নৰ্থইষ্ট চেন্টাৰ ফৰ ইকুইটি একশ্যন অন ইন্ট্ৰিগ্ৰেটেড ডেভেলপমেন্ট” চমুকৈ এন ই এ আই ডি নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে এই লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ টোপলা বিতৰণ কৰে ৷ ছয়গাঁৱৰ সমষ্টিৰ গৰৈমাৰীৰ টুক্ৰাপাৰাস্থিত “জিলা বিকলাংগ কল্যাণ পৰিষদৰ কাৰ্যাল”য় প্ৰাংগণত ক’ভিড প্ৰ’টকল মানি খাদ্য সামগ্ৰী বিতৰণ কৰে শিক্ষা সম্পৰ্কীয় বে-চৰকাৰী সংস্থাটোৱে । সংস্থাটোৱে জিলা বিকলাংগ কল্যাণ পৰিষদৰ সচিব আৰফান খানৰ সহযোগত ষাঠি গৰাকী বিশেষভাৱে সক্ষম লোকক সাময়িক সকাহ প্ৰদানৰ উদ্দেশ্যে প্ৰদান কৰে এই সাহাৰ্য ৷ উল্লেখ্য, কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া আৰু জিলা সমাজ কল্যাণ বিষয়া ৰুবুল শৰ্মাৰ বিশেষ অৰিহনাত ৰূপায়ণ কৰা এই সাহাৰ্য বিতৰণ অভিযান জিলাখনৰ আন আন অঞ্চললৈয়ো অব্যাহত ৰাখিব বুলি এন ই এ আই ডিৰ সহযোগী সংগঠক মেৰাজ আহমেদে সাংবাদিকক জানিবলৈ দিয়ে ৷ এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সেচ্ছাসেৱী সংস্থাটোৰ কামৰূপ জিলাৰ সমন্বয়ক খয়বৰ হুছেইনৰ লগতে সংস্থাটোৰ কৰ্মকৰ্তা আৰু জিলা বিকলাংগ কল্যাণ পৰিষদৰ কেবাগৰাকী বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…
- মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ লুৰিণজ্যোতি গগৈৰ…
- দেৰগাঁৱৰ অগ্ৰণী ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান শিশু ভাৰতী হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৪৭তম প্ৰতিষ্ঠা দিৱস সম্পন্ন…
- মহানগৰীৰ খানাপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত অট’ চালক…
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ