ডিব্ৰুগড়বাসীৰ বাবে বিশেষ উপহাৰ ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ। উত্তৰ-পূৱৰ ঐতিহাসিক চিকিৎসা প্ৰতিষ্ঠান অসম চিকিৎসা মহাবিদ্যালয়লৈ ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াব এশ খন বিছনাযুক্ত আই চি ইউ। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ বাবে কাম কৰি অহা ‘যুৱৰাজ সিং ফাউণ্ডেচন’ নামৰ সংস্থাটোৱে আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এ এম চি পেডিয়েট্ৰিক বিভাগৰ সহকাৰী অধ্যাপিকা ডাঃ জলি ৰাভাই জানিবলৈ দিয়ামতে, যুৱৰাজ সিং ফাউণ্ডেচনৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে। ২০১৪ চনৰ পৰা এ এম চিৰ পেডিয়েট্ৰিক কেঞ্চাৰৰ সৈতে জড়িত ডাঃ ৰাভাই যোগাযোগ চলিছিল যুৱৰাজ সিং ফাউণ্ডেশ্যনৰ সৈতে। অৱশেষত ডাঃ ৰাভাৰ প্ৰচেষ্টাতে ফাউণ্ডেচনে এই বৃহৎ প্ৰকল্পটো প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ক’ভিডত আক্ৰান্ত পেডিয়েট্ৰিক ৰোগীসকলৰ বাবেহে এই বিছনা আগবঢ়োৱাৰ কথা জানিবলৈ দিছে ডাঃ ৰাভাই। তেওঁ লগতে জানিবলৈ দিয়ামতে, সমগ্ৰ ভাৰতবৰ্ষৰ ১২ খন চিকিৎসালয়ত যুৱৰাজ সিং ফাউণ্ডেচনে প্ৰদান কৰিবলগীয়া পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেন্টাৰৰ ভিতৰত উত্তৰ-পূৱৰ শ্বিলং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ত হ’ব পেডিয়েট্ৰিক ক’ভিড ক্ৰিটিকেল চেন্টাৰ। ইফালে যুৱৰাজ ফাউণ্ডেচনৰ কৰ্মকৰ্তাসকলে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিৰ সৈতে আজি এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তি অনুসৰি এশখন বিছনাযুক্ত বিছনাত থাকিব Philips EV 300 ICU Ventilator, BiPAP Machine, Patient Monitors, Badside Locker, Oxygent Cylinder 40 L with flow meters, Semi fowler ICU beds with mattress and Pillow, IV stands with wheels, suction machine portable, Infusion Syringe Pump, Crash Cart, ECG Machine with Display, Philips AED Machine, LED x-ray viewing box, Drug Refrigerator 350 L, Equipment Installation & Transportation আদি৷ এ এম চি কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে, যুৱৰাজ সিং ফাউণ্ডেশ্যনে এই প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰিব৷ ইয়াৰ লগে লগে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা পেডিয়েট্ৰিক ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিব বুলি আশা প্ৰকাশ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…
- এই ৫ টা বস্তু গাখীৰৰ সৈতে নাখাব, উপকাৰৰ পৰিৱৰ্তে অপকাৰ হ’ব…
- জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…
- উত্তৰ প্ৰদেশত ঘটিল ভয়াৱহ ঘটনাঃ যাত্ৰা নাটত অসুৰ বধ কৰাৰ সময়তে কিশোৰৰ মুণ্ডচ্ছেদ কৰিলে মা কালীৰূপী অভিনেতাই!
- কলিয়াবৰ আমবাগানৰ দুৰ্ঘটনাত নিহত বাইক আৰোহী ছহিদুল ইছলাম…
- ‘দবা খেলৰ অভিজ্ঞ খেলুৱৈ ৰাহুল গান্ধী’: বিজেপিৰ কটাক্ষৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছে…
- স্মৃতি ইৰাণীৰ বিৰুদ্ধে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কে এল শৰ্মা কোন…
- কোভিশ্বিল্ডৰ বাবেই মৃত্যু ঘটিছে আমাৰ কন্যাৰ, বিস্ফোৰক অভিযোগ কৰি এষ্ট্ৰাজেনেকাৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ পিতৃ…
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাৰ অভিযোগত কংগ্ৰেছ নেতা অৰুণ ৰেড্ডীক গ্ৰেপ্তাৰ…
- গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ল আমেথিঃ ৰায়বেৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে…