ৰাজ্যত অব্যাহত আছে চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান তেনে সময়তে নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী পূৱ গোৱালপাৰা জিলাৰ শিমলীতোলাত শুক্ৰবাৰৰ সন্ধিয়াত আৰক্ষীয়ে চলালে ব্যাপক অভিযান। গাঁৱে গাঁৱে ঘূৰি আৰক্ষীয়ে উৎখাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি। শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত চলিছিল এই চুলাই ধ্বংস অভিযান। অঞ্চলটোৰ ক্ৰমে চেগুনবাৰী, নেপালী পাৰা আদি গাওঁত সোমাই আৰক্ষীৰ দলটিয়ে বুজন পৰিমাণৰ বিক্ৰীৰ বাবে মজুত কৰা চুলাইৰ পেকেট আৰু চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত পচা চাউল, বাখৰ আদি জব্দ কৰি সকলো নষ্ট কৰাৰ উপৰিও ব্যৱহৃত বাচন-বৰ্তন জব্দ কৰে। সম্প্ৰতি অঞ্চলটোক সম্পূৰ্ণৰূপে চুলাই মুক্ত কৰাৰ সংকল্পেৰে আগলৈও আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ব্ৰিটিছ এণ্টাৰ্কটিকত বৃহৎ তেল, গেছৰ ভাণ্ডাৰৰ সন্ধান লাভ কৰিলে ৰাছিয়াই…
- ড০ গজেন মিপুন-মনোজ মিপুনক সভাপতি-সম্পাদকৰূপে নিৰ্বাচিত ! ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন…
- ডাইনী হত্যা-অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যুত বিভিন্ন সংগঠনৰ শোক প্ৰকাশ…
- হায়দৰাবাদত বিজেপি প্ৰাৰ্থী মাধৱী লতাই মুছলমান মহিলাৰ ভোটাৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাকলৈ উত্তেজনা, এজাহাৰ দাখিল…
- মায়া নগৰী মুম্বাইত ধূলিৰ ধুমুহাৰ সংহাৰ…
- যোৱা ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছো, লোকসভা নিৰ্বাচনত মই একো কৰিব নোৱাৰিমঃ বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোদীৰ দেহাৱসান…
- সোঁফালে নে বাওঁফালে কোনফালে শুব লাগে? বিশেষকৈ হৃদৰোগীয়ে এই কথা মনত ৰাখিব লাগে…
- ভয়ংকৰ ঘটনা! মুম্বাইত হডিং পৰি নিহত ১৪ জনকৈ লোক, আহত ৭০ৰো অধিক…
- আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ, তৃতীয়বাৰৰ বাবে বাৰানসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মোদীয়ে
- ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন