শণিবাৰে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ক’ভিড-১৯ ত স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে । বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশ্বনাথ জিলাৰ ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাক প্ৰদান কৰা হয় ২ লাখ ৫০ হেজাৰ আৰ্থিক সাহাৰ্য চেক । উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বাকী সকল পৰিয়ালকো বিতৰণ কৰা হ’ব এই সাহায্য ।ইফালে মন্ত্ৰী পিযুষ হাজৰিকাই লগতে কয় এই আচঁনি একমাত্ৰ দৰিদ্ৰ পৰিয়াল সকলক হে প্ৰথম পৰ্যায়ত দি থকা হৈছে।আনহাতে সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰ কয় বিশ্বনাথ জিলাত কভিড পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কন্টেনমেন্ট জ’ন উঠোঁ হ’ব নে নহয় ৰাইজৰ লগতে প্ৰশাসন লগত বিষয়টো আলোচনা কৰি হে চিন্তা কৰা হ’ব বুলি প্ৰকাশ কৰে ।ন’হলে ৬০ জনৰ ৬০০ জন হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ লোকসভাৰ সাংসদ পল্লব লকচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মা,জিলা আৰক্ষী অধিক্ষক ৰিপুল দাস,জিলা প্ৰশাসনৰ সকলো প্ৰশাসনিক বিষয়া সহ উপস্হিত থাকে বহু লোক।।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…