আজি গোলাঘাটত উপস্থিত হ’য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হৈয়ে গোলাঘাটস্থিত বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা এক সভাত বিগত মাহত জব্দ কৰা সমূহ ড্ৰাগছ নিজ হাতে অগ্নি সংযোগ কৰি বিনষ্ট কৰে। ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে। ইয়াৰপিছতে ক’ভিড-১৯ ত স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে আঢ়ৈ লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰি উৎসাহিত কৰে । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কৰা এই যুঁজ খনত বিগত দুই মাহত ৰাজ্যখনত ১৬৮.৩৮ কোটি ড্ৰাগছ জব্দ কৰে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । বিশেষকৈ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে কৰা যুজঁ খনত অসম আৰক্ষীয়ে লাভ কৰা সফলতাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । আজি এই অনুষ্ঠানত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ,মন্ত্ৰী অজন্তা নেওগ , অতুল বৰা, যোগেন মোহন , কেশৱ মহন্ত , অশোক সিংঘল বিধায়ক ভৱেন ভৰালী, প্ৰশান্ত ফূকন , বিশ্বজিৎ ফূকন উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…