ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে ১৮ জুলাইত ওদালগুৰিত উপস্থিত হৈ ক’ভিড’১৯ত মৃত্যু হোৱা ওদালগুৰি জিলাৰ ৭গৰাকী স্বামীহাৰাৰ পত্নীৰ মাজত চেক বিতৰণ কৰে। স্থানীয় ওদালগুৰি কলেজৰ অডিট’ৰিয়াম হলত ওদালগুৰি জিলাৰ উপায়ুক্তৰ সভাপতিত্বত ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে প্ৰতি গৰাকী পত্নীক মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিৰ জৰিয়তে ২লাখ ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কোভিডত স্বামীক হেৰুৱা দুৰ্ভগীয়া সকলক তেওঁ গভীৰ সমবেদনা জনায়।ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত সহায়ক আয়ুক্ত নীলাক্ষি বৈশ্যই আঁত ধৰা উক্ত চেক বিতৰণ অনুষ্ঠানত বিটিআৰৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ বসুমতাৰী,মাজবাটৰ বিধায়ক চৰণ বড়োয়েও হিতাধিকাৰী মহিলাসকলক চেক বিতৰণ কৰে।উক্ত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত আছিল।এই সাহাৰ্য লাভ কৰা সকলৰ ভিতৰত আছে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ বিমালেন্দু দত্তৰ পত্নী বৰ্নালী দত্ত,মাজবাট ষ্টেচন ব্লকৰ উমা শংকৰ হৰিজনৰ পত্নী কুচমাবাতি ৰবিদাস,ৰৌতা চাৰিআলিৰ অমলেন্দু চক্ৰৱৰ্তীৰ পত্নী ৰত্না চক্ৰৱৰ্তী,নবীনপল্লীৰ অজিৎ চৰকাৰৰ পত্নী ৰুমা চৰকাৰ,খাংখালাবাৰীৰ মনোজ ৰাইৰ পত্নী গঙ্গা ৰাই,বান্দৰগুৰিৰ যমুনা বিশ্বকৰ্মাৰ পত্নী কমলা দেৱী আৰু বৰঙাজুলি খুটিৰ দীপক থপলীয়াৰ পত্নী ইন্দিৰা দেৱী।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…