ৰাজ্য চৰকাৰে ক’ভিডৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে বিগত এপ্ৰিল মাহৰ শেহৰ পৰা সান্ধ্য আইনকে ধৰি কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে । তাৰ ভিতৰত প্ৰথমটোৱেই হৈছে যিকোনো সমাগম এৰাই চলা । কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ দীপৰ বিলৰ পাৰত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ নামত বিলৰ দক্ষিণ দিশত দৈনিক শ শ লোকৰ সমাগম হোৱা ঘটনাই সচেতন লোক সকলক চিন্তিত কৰি তুলিছে । এই সন্দৰ্ভত দীপৰ বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ কৰ্মকর্তাদ্বয় প্ৰমোদ কলিতা আৰু বিৰাজ কলিতাই ( পৱন ) জানিবৰ দিয়া মতে বিগত প্ৰায় দুমাহ ধৰি সপ্তাহৰ দেওবাৰে পুৱাৰে পৰা সন্ধিয়ালৈ দীপৰ বিলৰ পাৰত থকা বন বিভাগৰ পক্ষী নিৰীক্ষণ স্তম্ভৰ সমীপৰ অংশখিনীত শ শ লোকৰ সমাগম হয় । বিগত এপ্ৰিল মাহৰ শেহৰ পৰা ক’ভিড প্ৰট’কল বিধি মানি দীপৰ বিল বন্যপ্ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে পক্ষী নিৰীক্ষণ চৌহদটো দর্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰাখিছে । তাৰ পাছতো দৈনিক শ শ লোকে পক্ষী নিৰীক্ষণ চৌহদৰ আশে পাশে ভিৰ কৰা ঘটনাই স্থানীয় বাসিন্দাক সকলক স্বাভাৱিকতে চিন্তিত আৰু শংকিত কৰি তুলিছে । ইয়াৰ ভিতৰত দেওবাৰে অভূতপূৰ্ব সমাগম হয় । লক্ষ্যনীয়ভাবে বিগত বৰ্ষত লকডাউন চলি থকাৰ সময়তো একাংশই এনে ভিৰ কৰিছিল । কিন্তু আজাৰা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া জনে এদল আৰক্ষী – চি আৰ পি এফৰ লোকক লগত লৈ এনে সমাগম আঁতৰ কৰিবৰ বাবে কেবাদিনো মৃদু লাঠীচালনাকৰিব লগা হৈছিল । কিন্তু এইবেলি আজাৰা আৰক্ষীয়ে তেনেকোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ বাধাহীনভাবে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা একাংশ লোকে ক’ভিড বিধি উলংঘা কৰি বিলৰ পাৰত সমাগম কৰি আহিছে । ফলত তেনে সমাগমৰ পৰা অঞ্চলটোত ক’ভিডৰ গণ সংক্ৰমণ হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন লোকসকলে । কিন্তু সকলো দেখি শুনিও আৰক্ষী – প্ৰশাসনে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা ঘটনাই তেনে সমাগম বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…