ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও ক’ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ভাটীত অভিযান তীব্রতৰ কৰি তুলিছে । আনহাতে ৰাজ্যৰ আন আন কেবাখনো জিলাৰ দৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত পাণ্ডু আৱকাৰী চক্ৰই কালি মালিগাঁও আৰক্ষী চকীৰ সহযোগত পাহাৰীয়া অঞ্চল ক্ৰমে আডিংগিৰি আৰু মিঠা আমৰতলত চুলাই মদৰ ভাটীত এক বৃহৎ অভিযান চলায় । অভিযানত ১৫ টা চুলাই মদ প্ৰস্তুত কৰা ভাটী ধ্বংস কৰা হয় । অৱশ্যে অভিযানত কোনো লোককে আটক কৰিব পৰা নগলেও প্ৰায় ৪০০ লিটাৰৰো অধিক চুলাই মদ , ৬,৬০০ কেজিৰো অধিক চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত পাছ আৰু বিভিন্ন সা সঁজুলি জব্দ কৰা হয় ।উল্লেখযোগ্য যে ১৩ জুলাইতো আৱকাৰী বিভাগে অঞ্চলটোত অভিযান চলাই ১৩ টা চুলাই মদ প্ৰস্তুত কৰা ভাটী ধংস কৰিছিল ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…