সদৌ অসম সৰ্বশিক্ষা ৩য়, ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ঐক্যমঞ্চৰ তৰফৰ দেশৰ ক’ভিড পৰিস্হিতি মোকাবিলা কৰাৰ বাবে অসম চৰকাৰৰ সাহাৰ্যপুঁজিলৈ কিছু অনুদান আগবঢ়ায়। যোৱা ১৭জুন তাৰিখে ঐক্যমঞ্চৰ এটা সজাতি দ’লে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ঐক্যমঞ্চৰ জমা পুঁজিৰ তৰফৰ পৰা ১,৩১,০০০(একলাখ একত্ৰিশ হাজাৰ) টকা ড্ৰাফট্ যোগে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ বৰঙনি আগবঢ়ায়। আনহাতে সমগ্ৰ অসমতে সৰ্বশিক্ষাৰ কৰ্মৰত ৩৩ খন জিলাৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়া কৰ্মচাৰীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এদিনৰ দৰমহা কৰ্তনৰ পৰা প্ৰায় ২৪,৫০,৬৩৭(চৌব্বিশ লাখ পঞ্চাশ হাজাৰ ছশ সাতত্ৰিশ) টকা দিয়া হয় বুলি ঐক্য মঞ্চৰ তৰফৰ পৰা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী সাক্ষাৎ অনুষ্ঠানত উপস্থিত থাকে ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰশেখৰ শৰ্মা, ভূদেৱ গোস্বামী, সাধাৰণ সম্পাদক উত্তম দত্ত, যুটীয়া সম্পাদক মনোজ ডেকা আৰু কাৰ্যকৰী সদস্য ক্ৰমে জিতু বৰুৱা, হেমন্ত শৰ্মা আৰু ৰঞ্জোৎপল বৰঠাকুৰ। দ’লটিয়ে লগতে মুখ্যমন্ত্ৰীক সৰ্বশিক্ষাৰকৰ্মচাৰীসকলৰ চাকৰীৰ ম্যাদ আৰু নিৰাপত্তা ৬০ বছৰলৈ সুঃনিশ্চিত কৰিবলৈ জনোৱা অনুৰোধৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি কমদিনৰ ভিতৰতে সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে বুলি ঐক্যমঞ্চৰ তৰফৰ পৰা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সময়ত ঐক্যমঞ্চৰ সজাতি দ’লটিক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ মাননীয় বিধায়ক জয়ন্ত মল্ল বুজৰবৰুৱাই।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…
- কন্যা সুহানা খানৰ সৈতে বলীউডৰ কিং খান আই পি এলৰ দৰ্শক হ’ব নেকি বৰ্ষাপাৰাত…
- আজি বর্ষাপাৰাত IPL ২০২৪ৰ অন্তিমখন লীগ মেচ, বৰষুণে বিঘিনি ঘটাব নেকি মেচত! ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা…
- আজি বৰ্ষাপাৰাত হাইভল্টেজ মেচ, সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ…
- তেজপুৰৰ জ্যোতি ভাৰতীত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এখন তথ্য গধুৰ গ্ৰন্থ উন্মোচন…
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…