নাই মোমাইতকৈ কণা মোমাই সাৰ, এই আপ্তবাক্য শাৰী প্ৰযোজ্য হৈছিল বিগত বছৰৰ মহামাৰী কৰ’নাৰ সময়ত । কিয়নো ৰাজ্য চৰকাৰে মহামাৰী কৰ’নাৰ লকডাউনৰ সময় চোৱাত প্ৰায় সংখ্যক লোকৰ একাউণ্টত ৫০০ শ টকা দিয়াৰ উপৰিও বিনামূলীয়া চাউল আৰু চৰকাৰী কৰ্মচাৰী সকলৰ পৰাও কিছু সাহাৰ্য্য আগবঢ়োৱা হৈছিল । কিন্তু এইবেলি বিগত বছৰৰ তুলনাত বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ মাজত খাদ্য সংকটে দেখা দিছে । বিশেষকৈ নৈশ বাছৰ টিকট কাউন্টাৰত থকা যুৱক,যুৱতী সকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । উল্লেখযোগ্য যে ৰৌতা, ধনশ্ৰীঘাট আৰু ওৰাঙত কেইবাটাও নৈশ বাছ সেৱাৰ টিকট কাউন্টাৰ আছে । কাউন্টাৰত টিকট বিক্ৰী নামত নিয়োজিত হৈ থকা বহু যুবক যুৱতীয়ে ইযাৰ পৰা কিছু অংশ লাভ কৰি পৰিয়ালক পোহ পাল দি অহাৰ লগতে নিতৌ ব্যৱহাৰ্য্য সামগ্ৰী কিনি কোনো মতে যোৰা তাপলি মাৰি চলিছে যদিও এতিয়া দীৰ্ঘ দিন ধৰি নৈশ বাছ বন্ধ হৈ পৰাত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈ পৰিছে ।তেওঁলোকৰ পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ।ৰুদ্ধ হৈ পৰিছে যুবক, যুবতী সকলৰ জীৱন আৰু জীৱিকাৰ গতি পথ । কেবল নৈশ বাছ সেৱাৰ টিকট বিক্ৰী কৰা যুৱক যুৱতী সকলৰে তথৈবচ অৱস্থা নহয ।অনুৰূপ ধৰনেৰে চেলুন, দৰ্জী, ধোৱা, মচি, প্ৰেছ, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা যুবক যুবতী সকলৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে। গতিকে এইসকল ব্যৱসায়ত জড়িত হৈ থকা যুৱক যুৱতী সকলে আৰ্থিক সাহাৰ্য্যৰ বাবে চৰকাৰৰ মুখলৈ বাদ চাই আছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…