ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বৰ্তমান অধিক ভয়াবহ হৈ উঠিছে ক’ভিডৰ গণ সংক্ৰমণ।শোণিতপুৰ জিলাৰ ভিতৰতে বৰ্তমান আক্ৰান্তৰ হাৰ সৰ্বাধিক হোৱা জামুগুৰিহাটৰ গ্ৰামাঞ্চললৈকে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত এতিয়া জামুগুৰি আৰক্ষীয়ে লগত অৰ্ধসামৰিক বাহিনী আৰু জিলাপৰ্যায়ৰ বিষয়াক লগত লৈ একাংশ অসচেতন লোকক সচেতন কৰিবৰ বাবেই গাঁৱে গাঁৱে পদসঞ্চালন কৰাৰ লগতে দিব লগা হৈছে আৰক্ষীয়ে তহল৷ক’ভিড প্ৰট’কল ভংগ কৰা বাটে ঘাটে মটৰ চাইকেল লৈ ঘুৰা ফুৰা একাংশ লোকক জৰিমণা বিহাৰ লগতে বেত্ৰাঘাটো কৰিব লগীয়া হৈছে আৰক্ষীয়ে৷ইয়াৰোপৰি বজাৰ সমাৰ বন্ধ থকাৰ পিছতো ক’ভিড প্ৰট’কল ভংগ কৰি একাংশ বেপাৰীয়ে শাক পাচলি,মাংস আদি গাঁৱৰ তিনিআলি চাৰিআলিত বিক্ৰী কৰি থকা লোকসকলকো ঘুৰাই পঠাবলগীয়া হৈছে আৰক্ষীয়ে৷অঞ্চলটোত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবেই জিলা প্ৰশাসণে আনকি মাইক লৈ ৰাইজক সজাগ আৰু সচেতন কৰাৰ লগতে সন্ধিয়াৰ ভাগত একাংশই নীতি নিয়ম ভংগ কৰি সান্ধ্যভ্ৰমণ কৰি সময় অতিবাহিত কৰা মহিলা পুৰুষ সকলকো আৰক্ষীয়ে সতৰ্ক কৰি দিয়া পৰিলক্ষিত হৈছে৷উল্লেখ্য যে জামুগুৰিহাটত বৰ্তমানলৈকে ১৬ শৰো অধিক লোক ক’ৰনাত আক্ৰান্ত হোৱাৰ লগতে ১৬ জনকৈ লোক মৃত্যুমুখত পৰাৰ উপৰিও ১৫০ গৰাকীৰো অধিক আক্ৰান্ত চিকিৎসাধীন হৈ আছে৷জোন বৰা,জামুগুৰিহাট।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…