অতিমাৰী কৰ’ণাক লৈ সমগ্ৰ দেশ চিন্তিত হৈ থকাৰ সময়ত ওদালগুৰি জিলাৰ ওৰাঙ চাৰিআলি আজি দুদিন ধৰি সাপ্তাহিক বজাৰলৈ ৰূপান্তৰিত হোৱাত সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷চৰকাৰৰ কঠোৰ নীতি নিয়ম ভৰিৰে মোহাৰি কি ক্ৰেতা কি বিক্ৰেতা সকলোৱে কভিড প্ৰট’কল ভংগ কৰি ওৰাং মাজবাট পথত ভিৰ কৰিছে ৷ঠেলা হেচা কৰি বজাৰ কৰিছে যদিও সিংহভাগৰে মূখত নাই মাক্স ৷কৰ’ণা যেন কাহানিবাই বিদায় লৈছে ওৰাঙৰ পৰা ৷ওদালগুৰি জিলাৰ সীমান্তত থকা ওৰাং চাৰিআলিৰ গাতে লাগি আছে শোণিতপুৰ জিলা ৷শোণিতপুৰ জিলাত লকডাউন চলি থকা বাবে বিশেষভাবে শোণিতপুৰৰ চিৰাজুলি অঞ্চলৰ লোকে ঈদৰ বজাৰ কৰিবলৈ হেতা ওপৰা লগাইছে ৷ক’ভিড১৯ ৰ প্ৰট’কল ভংগকৰি এনে জনসমাগম সৃষ্টি হোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…
- দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…
- Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night
- ধেমেচী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সফল সামৰণি। কৃষক, শিল্পী আৰু খেলুৱৈক সম্বৰ্ধনা
- দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আজি লাইখুটা স্থাপন
- আত্মবিশ্বাসী ড্রিম গার্লঃ মথুৰাৰ পৰা ৫-৭ লাখ ভোটত জয়ী হ’ব বুলি দাবী বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ…
- বৰপেটা শিক্ষা খণ্ডৰ নাৰ্চাৰী মণ্ডল সমল কেন্দ্ৰত “হ’বা তুমি বিজয়ীঃ এক প্ৰেৰণামূলক যাত্ৰা”…
- সাপেখাতীত শংকৰদেৱ শিশু নিকেতনৰ অভিনন্দন অনুষ্ঠান…