ৰাজ্যত কৰোণাৰ দৰে মাৰাত্মক ভয়াবহ মহামাৰীৰ বৰ্দ্ধিত সংক্ৰমণৰ ফলত ৰাজ্য বাসী চিন্তিত হৈ থকা ক্ষণত ,ৰাজ্যৰ সকলো চিকিৎসা কৰ্মীক চৰকাৰ তথা দেশৰ সকলো জনগণই স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত কৰ্মচাৰী সকলক চিকিৎসা সকলক ক’ৰনা যুঁজৰ সেৱক হিচাবে সন্মান জনাই আহিছে । চিকিৎসা কৰ্মী সকলৰ বিৰুদ্ধে কোনোবাই কিবা কলেই তাক বিৰোধিতা কৰি কৰোণা কালত চিকিৎসা বিভাগৰ সকলোকে ভেকচিন আদিৰ ক্ষেত্ৰতো ক’ৰনা যুঁজৰ সেৱক হিচাপে পৰিচিত স্বাস্থ্য কৰ্মী ,চিকিৎসক সকলক ৰাইজে যথেষ্ট সহায় কৰি আহিছে ৷সেইদৰে পৰিবেশ সমগ্ৰ অসমতেই ক’ৰনা নিয়ন্ত্ৰণ কৰাৰ পৰিবেশ গঢ় লৈ উঠিছে । কিন্তু তাৰ বিপৰীতে ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাং প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ কাণ্ড কাৰখানাই অঞ্চলৰ ৰাইজৰ চকু কপালত তুলিছে । ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত কিছু কৰ্মচাৰী ,চিকিৎসকৰ বিৰুদ্ধে অঞ্চলৰ ৰাইজে গৰ্ভৱতী মহিলা সকলৰ পৰা সন্তান জন্ম দিয়াৰ নামত টকা দাবী কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে । চিকিৎসালয় খনৰ চিকিৎসক ডাঃ ৰাভা সহ উক্ত চিকিৎসালয়ৰ কৰ্মচাৰী আদিৰ বিৰুদ্ধেও অঞ্চলৰ ৰাইজে গৰ্ভৱতী মহিলা সকলৰ পৰা সন্তান জন্ম দিয়াৰ নামত অতিকমেও দুই হাজাৰ টকা দাবী কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে দীৰ্ঘ দিন ধৰি এইধৰণৰ অভিযোগ উখাপন হৈ আহিছে যদিও বিভাগটোৰ দায়িত্বত থকা বিষয়ববীয়া সকলে বিশেষ ভূমিকা গ্ৰহণ নকৰাত দিনক দিনে ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ সুনাম আৰু সুস্থ পৰিবেশ অহৰ্নিশে নষ্ট হবলৈ ধৰিছে ।উক্ত চিকিৎসালয়ৰ একাংশ কৰ্মচাৰী সকলৰ লগতে চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক হিচাপে পৰিচিত ডাঃ ৰাভা নামৰ চিকিৎসক জনেও দৈনিক সংগ্ৰহ কৰি আহিছে গৰ্ভৱতী মহিলা সকলৰ পৰা হাজাৰ হাজাৰ টকা । বিশেষ সূত্ৰে জানিব পৰা মতে উক্ত চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক হিচাপে পৰিচিত ভাঃ ৰাভা সৈতে একাংশ কৰ্মচাৰী সকলৰ বিৰুদ্ধে গৰ্ভৱতী মাতৃ সকলৰ পৰা সন্তান জন্ম দিয়াৰ বাবদ বহু দিনৰ পৰাই অতি কমেও দুই হাজাৰ টকাকৈ দাবী কৰি আহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ধনৰ অভাৱত নাৰ্ছিং হোম আদিত লৈ যাবলৈ সক্ষম নোহোৱা সমগ্ৰ মাজবাটৰ দৰে পিছ পৰি থকা গাঁও ,চাহ বাগিছা অঞ্চলৰ দুখীয়া ঘৰৰ মহিলা সকলে সন্তান প্ৰসৱ দিবলৈ নিজ চিকিৎসালয়ত আহি চৰকাৰে দিয়া সুবিধা মতে চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ নামতো এইসকল লোকে টকা পইছা দাবী কৰা ঘটনাই লজ্জিত কৰিছে সামাজৰ সচেতন লোকক । যিসময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে মহিলা সকলক নানান ধৰণৰ সুবিধা কৰি আহিছে তেনে সময়ত ওৰাং চিকিৎসালয়ত দাবী ধমকি দি পইছা দিব নোৱাৰা বা কমকৈ টকা দিয়া গৰ্ভাৱতী মহিলা সকলৰ কাজগ পত্ৰ দলিয়াই দিয়াৰো অভিযোগ উঠিছে চিকিৎসক ,কৰ্মচাৰীৰ বিৰুদ্ধে । ওৰাং স্বাস্থ্য কেন্দ্ৰত এওঁলোকৰ বিৰুদ্ধে বহু টকাৰ বিনিময়ত অবৈধ ভাবে গৰ্ভপাত কৰোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেওঁলোকে দাবী কৰা ধন আদায় গাঁও অঞ্চলৰ পৰা ৰাতি ঠেলা ,বেটাৰী চালিত অটো ৰিক্সা আদিত উঠাই কষ্টেৰে ওৰাং চিকিৎসালয় চৌহদত উপস্থিত হোৱা মাত্ৰেই দাম দৰ কৰিহে গৰ্ভৱতী মহিলা সকলক গৰ্ভপাত কৰোৱা হয় অন্যথা টকাৰ অংকত আউল লাগিলে ইয়াত কেঁচুৱা জন্ম দিয়া সম্ভৱ নহয় কেঁচুৱা ওলোটা হৈ আছে কেছটো অলপ জটিল আছে আদি নানান বাহনা কৰি তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া ।উক্ত চিকিৎসালয়ৰ চিকিস্যক ডাঃ ৰাভা এইধৰণৰ কৰ্মৰ লগত জড়িত থকাৰ উপৰিও চৰকাৰে বান্ধি দিয়া নিয়মিত দায়িত্ব পালন কৰাৰ পৰা বিৰত থাকি চিকিৎসালয়ৰ সন্মুখত থকা নিজৰ প্ৰাইভেট চেম্বাৰত বহি দিনৰ দিনটো টকা লৈ চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়োৱা সলনি নিজৰ ব্যৱসায় প্ৰতিষ্ঠান স্বৰূপ চেম্বাৰত গৈ ৰোগী সকলক এটা নিৰ্দিষ্ট ফিছ লৈ থকা ঘটনাই অঞ্চলৰ সচেতন মহলক বাৰুকৈ চিন্তিত কৰি তুলিছে । অঞ্চলৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এইধৰণৰ গৰ্ভৱতী মহিলাৰ পৰা টকা সংগ্ৰহ কৰা আৰু নিজৰ দায়িত্ব পালন নকৰি চিকিৎসকৰ নামত দৰমহা লৈ চিকিৎসাৰ নামত ৰমৰমীয়া ব্যৱসায় চলোৱা চিকিৎসক সকলক অনতিপলমে কাৰ্যকৰী সুব্যৱহাৰ গ্ৰহন কৰিব লাগে ৷ খালী হৈ থকা পদ সমুহত দক্ষ চিকিৎসা বিষয়া সকলক যিজনে প্ৰকৃতাৰ্থত চিকিৎসকৰ মূল বুজি পায়ে তেনে চিকিৎসকক ওৰাং সামুহিক চিকিৎসালয়ত প্ৰদান কৰিবলৈ ৰাইজে চৰকাৰক দাবী উত্থাপন কৰিছে ।তদুপৰি সামুহিক চিকিৎসালয় ত চিকিৎসা বিষয়া আৰু কৰ্মচাৰী সকলে পুৱা ৯বজাত আহিব লাগে ৷যদিও একাংশ বিষয়া ,কৰ্মচাৰী সকলে ১০/১১বজাত উপস্থিত হৈ চহী মাৰি গুচি যোবাটো এতিয়া নিত্য নৈমত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ আনহাতে এই চিকিৎসালয়ত গৰ্ভবতী মাতৃ সকলে প্ৰসব আদি কৰাবলৈ টকা পইচা দাবী কৰাৰ বাবে আহিবলৈ ভয় কৰা বুলি এগৰাকী আশা চুপাৰভাইজাৰে উপায়ুক্তক মৌখিক ভাবে অভিযোগদাখিল কৰিছিল বুলি জানিব পৰা গৈছে ৷


