ইং ৩১ জুলাই তাৰিখে ৰাজ্যখনৰ জল জীৱন মিছন আঁচনিৰ অধীনত প্রায় ১,০০,০০০ (এক লাখ) ঘৰতকৈ অধিক হিতাধিকাৰীক বিশুদ্ধ পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা ব্যক্তিগত পানী পৰিবাহী পাইপ সংযোগ (FHTC) আনুষ্ঠানিক ভাৱে অর্পণ কৰা হয়। বিশ্বনাথ জিলাতো প্রতাপগড় পানী যোগান আঁচনি , বিশ্বনাথ নতুন গাওঁ পানী যোগান আঁচনি , ২ নং আমলাইগুৰি পানী যোগান আঁচনি , শান্তিপুৰ মাজগাওঁ পানী যোগান আঁচনিৰ দ্বাৰা প্রায়। ৪০০ (চাৰিশ) ঘৰতকৈও অধিক হিতাধিকাৰীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা ব্যক্তিগত পানী পৰিবাহী পাইপ সংযোগ আনুষ্ঠানিক ভাৱে অর্পণ কৰা হয়। এই দিনটোতে শান্তিপুৰ মাজগাওঁ পানী যোগান আঁচনিৰ অধীনত প্রায় ১৯৭ ঘৰ হিতাধিকাৰীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা ব্যক্তিগত পানী পৰিবাহী পাইপ সংযোগ আনুষ্ঠানিক ভাৱে অৰ্পণ কৰা অনুষ্ঠানত অংশ গ্রহণ কৰে বিহালী সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ৰঞ্জিত দত্তদেৱ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মইনুল হক আৰু সহকাৰী অভিযন্তা তুলসী নাৰায়ণ কলিতা। প্রতাপগড় পানী যোগান আঁচনিৰ অন্তৰ্গত সুনীল তাঁতীৰ ঘৰত ব্যক্তিগত পানী পৰিবাহী পাইপৰ প্লেটফৰ্ম আৰু শোষক গাঁত নিৰ্মাণৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ মাননীয় উপায়ুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাদেৱে। এইখিনিতে উল্লেখ কৰিব পাৰি যে, জল জীৱন মিছন আঁচনিৰ নির্দেশনা মতে কোনো পানী যোগান আঁচনিৰ প্ৰকল্পৰ খৰচৰ ৫% হিতাধিকাৰীসকলে বহন কৰিব লাগে আৰু নিজৰ ঘৰত পানী পৰিবাহী পাইপৰ সংযোগ স্থলত প্লেটফৰ্ম আৰু শোষক গাঁত নির্মাণ কৰি ল’ব লাগে। বিশ্বনাথ জিলাত প্রথম প্লেটফৰ্ম আৰু শোষক গাঁত নিৰ্মাণৰ আঁত ধৰে বিশ্বনাথ জিলাৰ তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) বিষয়ৰ পৰামৰ্শক স্বাতী হাজৰিকাই। স্বাতী হাজৰিকাই তেওঁৰ চমু ভাষণত হিতাধিকাৰীসকলক তেওঁলোকৰ ঘৰৰ পানী পৰিবাহী পাইপৰ সংযোগস্থলত পকী প্লেটফৰ্ম আৰু শোষক গাঁত নির্মাণ কৰি জল জীৱন আঁচনি সফল কৰিবলৈ আহ্বান জনায়। এই শুভাৰম্ভ অনুষ্ঠানত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড: সূৰ্য কমল বৰা , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ক্রমে প্রবীণ কুমাৰ সন্দিকৈ, শৰৎ চন্দ্র শইকীয়া, সহকাৰী অভিযন্তা দিব্যজ্যোতি চাংমাই, কাৰিকৰী বিষয়া অবিনাশ ডেকা আৰু অবিনাশ শর্মা, জিলা পানী আৰু অনাময় মিছনৰ পৰামৰ্শক শৰৎ বৰা আৰু পঞ্চায়তৰ বিভিন্ন পৰ্য্যায়ৰ কর্মকর্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

