অসমৰ গ্ৰাম্যাঞ্চলৰ অনন্য ক্ৰীড়া অনুষ্ঠান চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ নিৰ্মীয়মান ষ্টেডিয়াম প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰে এখন নতুন আঁচনি গ্ৰহনৰ বাবে ৰাজ্যৰ বিশিষ্ট স্হপতিবিদ জে এন খাটনিয়াৰ কালি চামতা ষ্টেডিয়ামত উপস্হিত হয় ৷ বিশিষ্ট স্হপতিবিদ খাটনিয়াৰে বিজ্ঞান সন্মত ষ্টেডিয়াম নিৰ্মানৰ বাবে চামতা আঞ্চলিক ক্ৰীড়া সংঘই মুখ্যমন্ত্ৰীৰ চিগনেচাৰ প্ৰজেক্ট আঁচনিৰ পৰা লাভ কৰা দহ কৌটি টকাৰে ৮০ শতাংশ নিৰ্মানৰ কাম হোৱা আৰু ২০ শতাংশৰ কাম চলি থকা কাম পৰিদৰ্শন কৰে ৷ খাটনিয়াৰে ষ্টেডিয়াম প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে চৰজমিন কৰি ২৫-৩০কৌটি টকাৰ প্ৰয়োজন হব বুলি থিৰাং কৰে ৷ স্হপতিবিদ খাটনিয়াৰে শীঘ্ৰে ২৫ – ৩০ কৌটি টকাৰ এখন প্ৰাককলন আৰু নক্সা প্ৰস্তুত কৰি উলিয়াব বুলি কয় ৷ সংঘৰ সম্পাদক যতীন শৰ্মাই অহা দুই তিনি মাহত- নৱেম্বৰ ডিচেম্বৰ মাহত দহকৌটিৰ প্ৰজেক্টৰ কাম শেষ হব বুলিও কয় ৷ ষ্টেডিয়াম প্ৰকল্পত চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক যতীন শৰ্মা, যুটীয়া সম্পাদক বিকাশ ভট্টাচাৰ্য, উপ সভাপতি পৰেশ চক্ৰৱৰ্তী, সহকাৰে সম্পাদক অমল বৰ্মন, বিনয়ভূষণ দত্ত, সংঘৰ জ্যেষ্ঠ সদস্য ৰমনী বৰ্মন, প্ৰদীপ বৰ্মন, বলেন তালুকদাৰৰ লগতে সংঘৰ ভলীবল শাখাৰ তত্বাবধায়ক দেবজিৎ ঠাকুৰীয়া, সংঘৰ আজীৱন সভ্য ,ৰাষ্ট্ৰীয় ৰেফাৰী অজিত ডেকা, আজীৱন সদস্য তথা ষ্টেডিয়াম প্ৰকল্পৰ নিৰ্মানৰ কাম লাভ কৰা চানৰাইজ এন্টাৰপ্ৰাইজৰ সত্তধিকাৰ মইনুল আলী সহ: সংঘৰ অৰ্ধ শতাধিক সদস্য আৰু শুভাকাংশী উপস্থিত থাকে ৷

