যোৱা কিছু দিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ওফন্দি ওঠা বৰদিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাচমূখ,বৰডিকৰাই,নিজ বৰডিকৰাই,খ্ৰীষ্টানবস্তি,খখন বস্তি,জৰ্দান বস্তি আদিকে ধৰি মূঢ়াদল অঞ্চলৰ কেইবাখনো গাঁৱৰ ঘৰৰ চোতাল,খেতি-পথাৰৰ বিস্তিৰ্ন এলেকা। আজি কেইবাদিন ধৰি নিশাৰ ভাগত মুষলধাৰে দিয়া বৰষুণৰ ফলত হৰ্ঠাৎ নদীখনৰ পানী বাঢ়ি যোৱাত উল্লিখিত গাঁও সমুহৰ তামোল পানৰ বাৰি,ক্ষুদ্ৰ চাহ খেতি,ধাননি পথাৰসমুহ নদীখনৰ বাঢ়নি পানীয়ে বুৰাই পেলাই। লগতে ৰাজহুৱা আৰু একাংশ আত্ম সহায় গোটে মৎস পালন কৰা পুখুৰী সমুহতৰ ভেটা সমুহ ভাগি পানী সোমাই যোৱাত বহু টকাৰ পোহনীয়া মাছ ওলাই যায়। ইয়াৰ ওপৰি বৰষুণৰ পানীত ভৰি পৰা বৰডিকৰাই নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ কেইবাঠাইত লাখ লাখ ধন ব্যয় কৰি আৰম্ভ কৰা ব্ৰইলাৰ ফাৰ্মত পানী সোমাই কুকুৰা পোৱালীৰ মৃত্যুৱে পালকসকল আৰ্থিক লোকচানৰ সন্মূখীন হোৱাৰ কথা জানিবলৈ পোৱা গৈছে। তদুপৰি মূঢ়াদল অঞ্চলৰ বৃহৎৰ মিৰি গাঁৱতো জলসিঞ্চলন বিভাগৰ নলাৰ পানী সোমোৱাত গাঁওখনৰ বিদ্যালয়,অংগনবাদী কেন্দ্ৰৰ চৌহদৰ উপৰিও কেইবাটাই পৰিয়ালৰ বাস গৃহৰ ভিতৰত পানী সোমোৱাৰ ফলত কৃতিম বানৰ কবলত পৰিছে গাঁওখনৰ ৰাইজ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ
- সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান
- এতিয়া ফুল ফুলাৰ বতৰ…
- কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…
- ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…
- এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…
- মঙলদৈত জাক জাক বান্দৰৰ সন্ত্ৰাস ! প্ৰাতঃভ্ৰমণকাৰীক আক্ৰমণ…
- আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ সামৰণি…
- নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি…