মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ বৃহৎ সাফল্য। যোৱা কালি লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধিঙৰআটি গাঁৱৰ পৰা ৪০ বটল নিচা জাতীয় দ্ৰব্য সহ হিফজুৰ ৰহমানক আটক কৰে। আনহাতে একে দিনাই নিশা হাঁহচৰা পৰা জাল নোট বনোৱা সামগ্রী সহ ইক্ৰামুল ইছলাম , বাবুল ইছলাম, আৰু মাজহাৰুল ইছলাম নামৰ তিনি গৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এওঁ লোক আটাই কেইজনকে হিফজুৰ ৰহমানৰ বিপক্ষে 490/21 , 21(C ) NDP’S Act ৰ অধীনত আৰু জাল নোট বনোৱা তিনি জন অপৰাধীৰ বিপক্ষে 493/21 , U / S ,420 /489(A) 489(B) 489(C) 489(D) 34 IPC ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।

