কৃষি বিভাগৰ আদৰণিয় পদক্ষেপ

বজাৰ মুল্য নোপোৱা কৃষকৰ সামগ্ৰী বিক্ৰীৰ বাবে আগুৱাই আহিল‌ কৃষি বিভাগ।এফালে মহামৰি ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ আৰু আনফালে জীৱন গঢ়াৰ সোনোৱালি স্বপ্নত ব্ৰতী নলবাৰীৰ পাগলদিয়াপাৰৰ জাবেৰ আলী নামৰ কৃষক জন । ৫ বিঘা মাটিত আৰম্ভ কৰা উন্নত জাতৰ অমিতা খেতি কৰি পৰিয়াল পোহপাল দিয়া জাবেৰ আলী নামৰ কৃষক জনে ৰাজ্যত চলি থকা আৰ্ধ লকডাউনৰ বাবে উচিত মূল্য লাভ কৰা নাছিল । কৃষক জনে পৰিয়ালটো পোহপাল দিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল যদিও কৃষি বিভাগৰ সহযোগত কৃষক জনৰ ৭কুইন্টল অমিতা বিক্ৰী ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হৈছে । কৃষি বিভাগৰ “এপাৰ্ট” আঁচনিৰ জৰিয়তে কৃষক জনৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে সকলো ফালৰ পৰাই সহায় কৰিবলৈ আগবাঢ়ি অহিব বুলি নলবাৰী জিলা কৃষি বিষয়া মধুৰাম পাটিৰিয়ে আশ্বাস প্ৰদান কৰে।

Related Articles