বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ অভিনৱ পদক্ষেপ

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ উদ্যোগত বাতিকুৰিহা অঞ্চলত এখন ক্ৰপ কেফেটেৰিয়া বা ধানৰ বিভিন্ন প্ৰজাতিৰ সমাহাৰ কালি  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উক্ত অনুষ্ঠানত বৰপেটা মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়ন, কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাৰ মূৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড° অৰূপ কুমাৰ ডেকা আৰু এপাৰ্ট প্ৰকল্পৰ অন্যান্য কৰ্মকৰ্তা সকল উপস্থিত থাকে। উদ্ধোধনী ভাষণত জিলা উপায়ুক্ত গৰাকীয়ে দহটা ভিন্ন জাতৰ ধানেৰে সমৃদ্ধ ক্ৰপ কেফেটেৰিয়া খন কৃষক ৰাইজৰ বাবে উৎসৰ্গা কৰে। তেওঁ আধুনিক কৃষি পদ্ধতি তথা উন্নত প্ৰজাতিৰ ধানৰ জাত সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এপাৰ্ট প্ৰকল্পৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰই লোৱা এই পদক্ষেপৰ শলাগ লয়। কেফেটেৰিয়া খনত তিনিটা বানপানী সহনশীল ধানৰ জাত ক্ৰমে ৰণজিৎ-চাব ১, স্বৰ্ণ-চাব ১, বাহাদুৰ-চাব ১, দুটা খৰাং সহনশীল তথা জিংক পৰিপুষ্ট জাত চি আৰ ধান-৮০১ আৰু ৮০২ , দুটা সুগন্ধিযুক্ত জাত ক’লা জহা আৰু বকুল জহা, তিনিটা থলুৱা জাত ক্ৰমে বংগবন্ধু, টাঙাগুৰি আৰু হাৱাই ৰোপণ কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, ইয়াৰ জৰিয়তে পৰৱৰ্তী সময়ত উল্লেখিত জাত সমূহৰ গুণাগুণ, চাপ সহনশীলতা, ৰোগ তথা কীট পতংগৰ আক্ৰমণ প্ৰতিৰোধ ক্ষমতা ইত্যাদি দিশ সমূহৰ অধ্যয়নৰ জৰিয়তে উৎকৃষ্ট জাত সমূহৰ নিৰ্বাচনৰ যোগেদি কৃষক সকলক সজাগ কৰিব পৰা যাব। কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ড° অৰূপ কুমাৰ ডেকাই এপাৰ্ট প্ৰকল্পৰ অধীনত বৰপেটা জিলাত চলি থকা বিভিন্ন ধৰণৰ কাম সমূহৰ ওপৰত আলোকপাত কৰে আৰু কেফেটেৰিয়াত থকা ধানৰ জাত সমূহৰ ইতিবাচক দিশ সমূহ কৃষক সকলক অৱগত কৰি সেই জাত সমূহৰ ব্যৱহাৰৰ বাবে উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি দোহাৰে।

Related Articles