প্ৰধানমন্ত্ৰী মোদীলৈ অসম প্ৰাদেশিক যোগী সন্মীলনীৰ দুই লাখ পোষ্ট কাৰ্ড

দীৰ্ঘ দিনৰ পাছত স্বাধীন  ভাৰতত উত্তৰ পূৰ্বাঞ্চলৰ  পৰা নাথ- যোগী সম্প্ৰদায়ৰ লোক ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বঞ্চিত,  স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰমৰ শেষত উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ  পশ্চিম  ত্ৰিপুৰা লোকসভা সমষ্টিৰ পৰা ১৭ তম্ লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰতিমা ভৌমিকক প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত স্হান দি ” সামাজিক ন্যায় আৰু সৱলিকৰণ” বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাবে  নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰিছে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা  ‘নাথ -যোগী ‘ সকলৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ‘নাথ- যোগী ‘সকল ।

‘অখিল  ভাৰতীয় নাথ সমাজ ‘ , অসম -বংগ  নাথ- যোগী সন্মিলনী , ত্ৰিপুৰা নাথ- যোগী সমাজ  , অসম প্ৰাদেশিক যোগী সন্মিলনীৰ লগতে অসমৰ বিভিন্ন স্হানত বসবাস কৰা প্ৰায় ৪৩ লাখ নাথ- যোগীৰ বিভিন্ন সংগঠন  , ব্যক্তি বিশেষ উৎফুল্লিত হৈ পৰিছে । এই কামৰ বাবে প্ৰধান মন্ত্ৰীক ধন্যবাদ জনাইছে । অসমৰ পৰাও দুই লাখ  পোষ্ট কাৰ্ডত প্ৰতিমা ভৌমিকক মন্ত্ৰীত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰনৰ সিদ্ধান্ত গ্ৰহন কৰিছে । অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ড. দিনেশ কাকতি নাথ আৰু সম্পাদক অজিত নাথে  জানিব দিয়া মতে  বৰাক- আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জিলাত থকা নাথ- যোগী সম্প্ৰদায়ৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈ প্ৰায় ৭৫ হাজাৰ পোষ্টকাৰ্ড ইতিমধ্যে প্ৰেৰন কৰা হৈছে আৰু বাকী সকলো অতিসোনকালে পঠোৱা হব বুলি মন্তব্য কৰে ।

নগাওঁ জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ আৰু সম্পাদক পুস্পেন্দ্ৰ নাথে জনোৱা মতে নগাঁও জিলাত  নতুনকৈ ৩০ খন আঞ্চলিক সমিতি আৰু ১১০ প্ৰাথমিক গঠন কৰা হৈছে ।এই সমূহ সমিতিৰ জৰিয়তে দুই হাজাৰ পোষ্টকাৰ্ড প্ৰধানমন্ত্ৰী লৈ পঠোৱাৰ ব্যবস্থা কৰা হৈছে ।

Related Articles