অসম চৰকাৰৰ এক বিয়াগোম বিভাগ হ’ল জনস্বাস্থ্য কাৰিকৰী বিভাগ। জল জীৱন আঁচনিৰ জৰিয়তে নতুনকৈ এই বিভাগটোত ৰাজ্যজুৰি চলিছে পানী যোগান আঁচনিৰ কাম। কিন্তু ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ফলিমাৰী ২ খণ্ডত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ এটা প্ৰকল্প আজিও পৰিত্যক্ত অৱস্থাত আছে। জহি খহি যোৱাৰ লগতে প্ৰকল্পটো চৌদিশে জংগলে আগুৰি ধৰিছে। ব্যয় বহুল টকাৰে নিৰ্মিত এই প্ৰকল্পটো প্ৰায় সাত আঠ বছৰ পূৰ্বে নিৰ্মান হৈ উঠিছিল। কিন্তু আজিলৈ এই প্ৰকল্পটো বিকল হৈ আছে। প্ৰকল্পটোত থকা বিভিন্ন সা-সামগ্ৰী ধ্বংস হব ধৰিছে।

কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ত নাই কাণ সাৰ।যাৰ বাবে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এতিয়া জাঙুৰ খাই উঠিছে, গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰিছে। উক্ত প্ৰকল্পটোৰ কাম অনতিপলমে আৰম্ভ কৰিব লাগে আৰু প্ৰকল্পটো চোৱা-চিতা কৰিবলৈ মানুহ নিয়োগ কৰিব লাগে। লগতে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে জল-জীৱন আঁচনিৰে জৰিয়তে যি সমূহ কাম চাপৰত চলি আছে সেই সমূহ কাম অতি নিম্ন মানৰ কৰাৰ লগতে অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰে।ধুবুৰী জিলা উপায়ুক্তক এই কাম সমূহ তদাৰক কৰিবলৈও পুনৰ বাৰ আহ্বান জনায়।


