ইটাখোলা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় হস্তান্তৰ কৰাৰ চেষ্টা

১৯৭২ চনত নদুৱাৰ অঞ্চলৰ বৃহৎৰ কৃষক ৰাইজৰ পানী যোগানৰ সুবিধাৰ্থে সেই সময়ৰ কেন্দ্ৰ চৰকাৰৰ আৱন্টনত বিশ্বনাথ জিলাৰ অসম-অৰুনাচল সীমান্তস্থিত চিজুচাত বৰদিকৰাই নদীৰ ওপৰত নিৰ্মাণ হৈছিল বৰদিকৰাই জল সিঞ্চন প্ৰকল্প। এই বৃহৎ জলসিঞ্চন প্ৰকল্পটোক কেন্দ্ৰ কৰি ইটাখোলাত ইটাখোলা জল সিঞ্চন সংমণ্ডল কাৰ্যলয়টো স্থাপন কৰে। বৰ দিকৰাই জল সিঞ্চন প্ৰকল্পটোৰ পৰা ১৭৩ কিঃমিঃ অঞ্চলৰ মুঠ ১০৪ খন গাঁৱৰ কৃষকৰ পানী যোগান ধৰি আহিছে। অলপতে উক্ত সংমণ্ডল কাৰ্যালয়টো নিঃশেষ কৰি যোৰহাট জিলাস্থিত মৰিয়নী-তিতাবৰত এই সংমণ্ডল কাৰ্যালয়টো বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা নতুনকৈ স্থাপন কৰিবলৈ বিচাৰিছে। লগতে বৰ দিকৰাই জল সিঞ্চল প্ৰকল্পটোৰ কাম-কাজসমুহ তেজপুৰস্থিত তেজপুৰ জলসিঞ্চল সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত কৰিব বিচৰা হৈছে বুলি জানিব পৰা গৈছে। এই খৱৰ বিয়পি পৰাৰ লগে লগে বৃহৎৰ নদুৱাৰ অঞ্চলৰ কৃষক ৰাইজ জাঙুৰ খাই উঠে। লগতে নদুৱাৰৰ কৃষক ৰাইজে এই সন্দৰ্ভত স্থানীয় বিধায়ক পদ্ম হাজৰিকাক অবগত কৰে। জানিব পৰা মতে বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপত কাৰ্যালয়টোৰ হস্তান্তৰ কৰা কাৰ্য বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা স্থগিত ৰখা হৈছে।  বিভাগীয় কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তত নদুৱাৰ কৃষক ৰাইজে একে মূখে তীব্ৰ নিন্দা কৰিছে আৰু বিধায়ক পদ্ম হাজৰিকাক উক্ত হস্তান্তৰ কৰা কাৰ্যক স্থগিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

Related Articles