মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া মহমাৰা, টেঙাগুৰি কছাৰীগাঁও, বৰালিমাৰী আদি অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। খহনীয়াত ইতিমধ্যে নিজৰ মাটি-ভেটি হেৰুৱাই গৃহহীন হৈ বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। মৰিগাঁও জিলাৰ নৱ নিযুক্তি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক লগত লৈ পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্থ অঞ্চল সমূহ। উল্লেখ্য যে জলসম্পদ বিভাগে বছৰ, বছৰ ধৰি খহনীয়া ৰোধৰ নামত বিভিন্ন আঁচনি প্ৰস্তুত কৰি কোটি,কোটি খৰচ কৰি আহিছে যদিও সুফল পোৱা নাই নৈপৰীয়া ৰাইজে। জিলা উপায়ুক্ত গৰাকীক খহনীয়াগ্ৰস্থ ৰাইজৰ দাবী প্ৰথমে খহনীয়া সমস্যাৰ সমাধান কৰক। পৰৱৰ্তী সময়ত মথাউৰিৰ নিৰ্মাণ কৰক। মথাউৰিৰ ফলত খহনীয়া সমস্যাৰ সমাধান হোৱাৰ নজিৰ নাই! মথাউৰিৰ ফলত খহনীয়াৰ হে সৃষ্টি হয়। খহনীয়াগ্ৰস্থ লোকৰ মন্তব্য আমি বানপানীক ভয় নকৰো আমি পানীৰ সৈতে সহাৱস্থান কৰি চলিব পাৰোঁ। আমি খহনীয়াক হে ভয় কৰোঁ। এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যাৰ সমাধান আশ্বাস দিয়ে ভুক্তভোগী ৰাইজক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মানি লণ্ডাৰিং গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ঝাৰখণ্ডৰ মন্ত্ৰী আলমগীৰ আলমক…
- বৃদ্ধি পাইছে গৰমৰ তাপ মাত্ৰা! গাড়ী চলাওঁতে হাৰ্ট এটেক কিয় আহে, যদি শৰীৰত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে সাৱধান হওক…
- খিলঞ্জীয়া মুলসুতিৰ মানুহক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ ৷ কাকো আইন হাত তুলি লব দিয়া নহব- মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
- ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ
- সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান
- এতিয়া ফুল ফুলাৰ বতৰ…
- কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…
- ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…
- এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…
- মঙলদৈত জাক জাক বান্দৰৰ সন্ত্ৰাস ! প্ৰাতঃভ্ৰমণকাৰীক আক্ৰমণ…