CM ASSAM । দুই লাখ চাকৰিৰ লক্ষ্যত চৰকাৰ, ২৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা-৪; ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা
বৃহস্পতিবাৰে সন্ধিয়া সামাজিক মাধ্যম ফেচবুকত লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ বিভিন্ন আঁচনি, উন্নয়নমূলক পদক্ষেপ আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমত দুই লাখ চাকৰি প্ৰদানৰ লক্ষ্য বাস্তৱায়নৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে হাতে-কামে লাগিছে। একে সময়তে বিভিন্ন জনকল্যাণমূলক আঁচনি পুনৰ আৰম্ভ কৰাৰো ঘোষণা কৰে তেওঁ।
মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, ৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয় আঁচনি, যাৰ জৰিয়তে হিতাধিকাৰীসকলে নতুন চৰকাৰৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। ইয়াৰ লগতে ৬ আৰু ৭ আগষ্টত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব আৰু ছেপ্টেম্বৰ মাহৰ পৰা শিক্ষাৰ্থীসকলে দুয়োখন আঁচনিৰ সুবিধা লাভ কৰিব।
ৰেচন ব্যৱস্থাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে জনায় যে আগষ্ট মাহৰ পৰাই পুনৰ চাউল, চেনি আৰু দালিৰ যোগান আৰম্ভ হ’ব। আনহাতে, ‘জীৱন প্ৰেৰণা’ আঁচনি ছেপ্টেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰা হ’ব।
গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে এক নতুন পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে গুৱাহাটীৰ উৰণসেতুসমূহত ওলোমা বাগিচা (Hanging Garden) নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্প সফল হ’লে পৰৱৰ্তী সময়ত আন নগৰসমূহতো সম্প্ৰসাৰণ কৰা হ’ব।
বৰ্তমানৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই যদিও লখিমপুৰ আৰু ধেমাজিৰ বহু লোক কষ্ট ভোগ কৰি আছে। চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব বুলিও তেওঁ আশ্বাস দিয়ে। ইয়াৰ লগতে গৰাখহনীয়া বৰ্তমান এক গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে বুলি উল্লেখ কৰি ১ আৰু ২ আগষ্টত ডিব্ৰুগড়ৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ কথাও ঘোষণা কৰে।
আগন্তুক বিধানসভা অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ আইন উত্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে ৫০০ কোটি টকা ব্যয়ে কামাখ্যা কৰিডৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ কথাও তেওঁ ঘোষণা কৰে। উচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন থকাৰ বাবে কাম স্থগিত হৈ আছিল যদিও এতিয়া সেই বাধা আঁতৰ হৈছে বুলি তেওঁ কয়।
ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো চৰকাৰৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মধুপুৰ সত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৩৫ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰ উপৰিও কাৰেংঘৰ সুন্দৰকৈ সজোৱাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
চলচ্চিত্ৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনায় যে ‘ধুৰন্ধৰ’ ছবিৰ পৰিচালক আদিত্য ধৰৰ সৈতে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণ সন্দৰ্ভত আলোচনা হৈছে। আগষ্ট মাহত দুয়োৰে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে।
ভূমি সেৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ১০ লাখতকৈ অধিক পৰিয়াল মিছন বসুন্ধৰাৰ জৰিয়তে উপকৃত হৈছে। ২৫ ডিচেম্বৰৰ পৰা ‘মিছন বসুন্ধৰা-৪’ আৰম্ভ হ’ব। এই আঁচনি সম্পৰ্কীয় অভিযোগ আৰু পৰামৰ্শ গ্ৰহণৰ বাবে এটা বিশেষ পৰ্টেল মুকলি কৰা হ’ব। লগতে মৰাণ-মটক জনগোষ্ঠীক বনভূমিত মাটি প্ৰদানৰ বিষয়েও চৰকাৰে চিন্তা-চৰ্চা কৰি থকা বুলি তেওঁ কয়।
লাইভৰ সময়ত ব্যক্তিগত স্মৃতিচাৰণো কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে বহু লোকে হোৱাটছএপযোগে ‘ককাদেউতা নাতি আৰু হাতী’ ছবিখনত গান গোৱা শিশুটি তেওঁ নেকি বুলি সোধে। তেওঁ স্বীকাৰ কৰে যে সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৯ বছৰ। ভৱিষ্যতে আত্মজীৱনী লিখিলে এই অভিজ্ঞতাৰ কথাও উল্লেখ কৰিব বুলি তেওঁ কয়।
উদ্যোগীসকলৰ বাবে Chief Minister’s Atmanirbhar Asom Abhiyan (CMAAA) সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, প্ৰথম পৰ্যায়ত ২৫ হাজাৰ যুৱক-যুৱতীক ১ লাখ টকাকৈ প্ৰদান কৰা হৈছিল, যাৰ ভিতৰত ১২,৫০০ জন পুনৰ ১ লাখ টকা লাভৰ যোগ্য হৈছে। বাকীসকলৰ আবেদন পুনৰীক্ষণ কৰি যোগ্যসকলকো পুনৰ অনুদান দিয়া হ’ব। নিৰ্বাচনৰ পূৰ্বে ৭৫ হাজাৰ যুৱক-যুৱতীক ৭৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছিল। বৰ্তমান তেওঁলোক প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত বাকী ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। ইয়াৰ লগতে বাজেটত ঘোষণা কৰা অনুসৰি আৰু ৫০ হাজাৰ যুৱক-যুৱতীক CMAAA আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

