ফুটবল, ফুটবল খেল মানেই উত্তেজনা, শিহৰণ, আক্ৰমণ-প্ৰত্যাক্ৰমণ, দুভৰিৰ ক’লা-কৌশলৰ মহাৰণ ৷ আকৰ্ষণ, প্ৰতিপলে প্ৰতিপক্ষৰ মাজত তীব্ৰস্নায়ু যুঁজ ৷ যাৰ অন্য নাম পদশিল্প ৷ পদশিল্পৰ এনে কঠিন অথচ নান্দনিক ক’লাৰ বাবে সমগ্ৰ বিশ্ব ফুটবলৰ বাবে চমকিত, উৎসাহিত আৰু বিশ্ব ক্ৰীড়াৰ সৰ্বোত্তম ৷ ফুটবলৰ এনে জনপ্ৰিয়তাৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিয়ে মিচিং অধ্যুষিত অঞ্চলত ফুটবলৰ জোৱাৰ আনিবলৈ দীৰ্ঘদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এম এ চিয়ে গ্ৰামাঞ্চলৰ ফুটবল খেলুৱৈ সকলক বুটলি আনি ইতিমধ্যে এটি ফুটবল দলো তৈয়াৰ কৰিছে আৰু বিভিন্ন প্ৰতযোগিতাত অংশগ্ৰহণ কৰি সফলতাও লাভ কৰিছে ৷ এম এ চিৰ এনে দীঘলীয়া পৰিকল্পনা অনুযায়ী এইবাৰ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে ফুটবল প্ৰশিক্ষণ শিবিৰৰ দিশা কৰিছে আৰু এই যাত্ৰা আৰম্ভ হৈছে এম এ চিৰ ১৬ নং নলবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী মধুপুৰ খেলপথাৰত ৷ ফুটবল প্ৰশিক্ষণ শিবিৰ ২৫ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু শ শ তৰুণ-তৰণীয়ে আনিছে নতুন আশা, নতুন গতি ৷ ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ মিংমাং পাহাৰৰ নিৰিবিলি পৰিৱেশ উখল-মাখল কৰি শৃংখলিত ছন্দত মধুপুৰ খেলপথাৰলৈ নামি আহিছে পদশিল্পৰ কঠিন তথা নান্দনিক জোৱাৰ ৷ এম এ চিৰ ক্ৰীড়া বিভাগৰ পূঁজিৰে অনুষ্ঠিত কৰা উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থী সকলক সম্পূৰ্ণ বিনামুলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰা হৈছে ৷ আজি এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ তেওঁ জনোৱা মতে এই প্ৰশিক্ষণ শিবিৰৰ বাবে ২৫ লাখ টকা এম এ চি য়ে পূঁজি ধাৰ্য কৰিছে আৰু অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলত প্ৰশিক্ষণটো হোৱাত দুয়োখন ৰাজ্যৰ খেলুৱৈয়ে প্ৰশিক্ষণ ল’বলৈ সুবিধা লাভ কৰিছে ৷ মুঠ আঠশ প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা শিবিৰটোত ৰাষ্ট্ৰীয় এথ্লেটিক প্ৰশিক্ষক গেৰেমছা দৈমাৰী আৰু সুদক্ষ ফুটবল খেলুৱৈ মাৰাড’না বসুমতাৰীয়ে প্ৰশিক্ষণ দি আছে ৷ গেৰেমছা দৈমাৰীয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ সকলৰ উৎসাহ দেখি খেলপথাৰখনত ফুটবলৰ লগতে এথ্লেটিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব আমাক জনাইছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…