অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰথিতযশা সাহিত্যিক ৰং বং তেৰাংৰ স্বাস্থ্যৰ বুজে ললে জনপ্ৰিয় কাব্যিক, বৌদ্ধিক তথা মানৱ দৰদী অনুষ্ঠান নদী আৰু নাৰীৰ এটা সঁজাতি দলে।অসম সাহিত্য সভাৰ ২০১১ চনৰ দেৰগাঁৱ অধিবেশনৰ সন্মানীয় সভাপতি তথা বিশিষ্ট লেখক ৰং বং তেৰাং দীৰ্ঘদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল। সেয়েহে নদী আৰু নাৰীৰ এটা সঁজাতি দলে ৮৪ বছৰ বয়সীয়া বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখযোগ্য যে এই গৰাকী সাহিত্যিকে ১৯৮১ চনত “ৰংমিলিৰ হাঁহি”ৰ গ্ৰন্থৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তাৰোপৰি তেওঁ অসম সাহিত্য সভাৰ পৰা বিষ্ণু প্ৰসাদ ৰাভা বঁটা, অসম চৰকাৰৰ পৰা অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। আজি নদী আৰু নাৰীৰ মুখ্য উপদেষ্টা তথা ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ লগত, নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা নৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় কবি ৰুনাল্ডো টাইদ, নদী আৰু নাৰীৰ গোলাঘাট জিলাৰ উপদেষ্টা তথা কবি হৰেন শইকীয়া, গোলাঘাট জিলা সম্পাদিকা ঊষাৰাণী দেৱী, সহকাৰী সম্পাদক বিতোপন শইকীয়া ,নদী আৰু নাৰীৰ কাব্য সম্পাদিকা দীপিকা ফুকন, নদী আৰু নাৰীৰ ডিফুৰ আহ্বায়িকা মণিকা তেৰণপিৰ উপস্থিতিতনদী আৰু নাৰীৰ তৰফৰ পৰা প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি গৰাকীক সম্বৰ্ধনা পত্ৰ,মিচিং গামোচা দুমেৰ, ফলমূল আৰু গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰে। নদী আৰু নাৰীৰ এনে কাৰ্যত পৰম সন্তুষ্টি প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে৷