কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰত বৈজ্ঞানিক মাশ্বৰুম উৎপাদনৰ কৰ্মশালা

অসম কৃষি বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ কাহিকুছি চৌহদত যোৱা ১০ আৰু ১১ আগষ্টত বৈজ্ঞানিক ভিত্তিত বছৰ যোৰা মাশ্বৰুম কৰ্মশালা অনুষ্ঠিত হয়। কেন্দ্ৰৰ কৃষি বিজ্ঞানী ড০ মধুস্মিতা কটকী শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালা কামৰূপ জিলাৰ উচ্চ শিক্ষিত যুৱ প্ৰজন্মই অংশ গ্ৰহণ কৰে। বছৰি বিভিন্ন সময়ত বিভিন্ন যাত যেনে  শীতকালীন আৰু গ্ৰীষ্মকালীন মাশ্বৰুম, মিল্কী মাশ্বৰুম, বাৰ্টন মাশ্বৰুম কৃষি পদ্ধতিৰ লগত বিপনন তথা অৰ্থনৈতিক লাভালাভ আদি বিষয় সমূহত গুৰুত্ব আৰোপ কৰা হয়। উদ্বোধনী অনুষ্ঠানত অসমকে ধৰি তিনিখন ৰাজ্যৰ কৃষি প্ৰযুক্তি ব্যৱহাৰিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ এ.কে.ত্ৰিপাঠিয়ে প্ৰশিক্ষাৰ্থীসকলক মাশ্বৰুম খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ উদগনি মূলক ভাষণ প্ৰদান কৰে। লগতে কেন্দ্ৰৰ মূৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই ব্যৱসায়িক ভিত্তিত মাশ্বৰুম খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী হোৱাৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত ড০ মধুস্মিতা কটকী শৰ্মাই পৰিচালনা কৰা উক্ত কৰ্মশালাত শিক্ষিত যুৱক-যুৱতীসকলক স্বাৱলম্বিতাৰ দিশত নিশ্চিত ভাৱে এখোজ আগবঢ়াই নিয়াত সহায়ক হব বুলি উল্লেখ কৰে। ক’ভিড প্ৰটকলৰ সকলো নীতি নিয়ম মানি অনুষ্ঠানৰ শেষত কৰ্মশালাত অংশ গ্ৰহণ কৰা যুৱকসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাজ্যিক সমন্বয়ক কৃষ্ণই।

Related Articles