ঘিলামৰাৰ দিঘলী গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড : পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দিঘলী গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড।এই হত্যাকাণ্ডত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ।এই খবৰে সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে ঘিলামৰাৰ দিঘলী গাঁৱৰ জেষ্ঠ নাগৰিক মুক্তি নাথ গগৈ (৬৫) নামৰ ব্যক্তি জনক ঘৰত আন কোনো সদস্য নথকাৰ সময়তে তেওঁৰ পাষাণ পুত্ৰ চন্দন গগৈয়ে  বৃহস্পতিবাৰে পূৱাৰ ভাগতে এডাল ফলা খৰিৰে মূৰত আঘাত কৰি হত্যা কৰি পলাই যায়।
হত্যাকাৰী চন্দন গৈ গোগামুখৰ তুলসীবাৰীত আত্মগোপন কৰি থকাৰ খবৰ পাই নিশা অভিযান চলাই আত্মগোপন কৰা ঠাইৰ পৰা ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিতৃহন্তা চন্দন গগৈক।
হত্যাকাণ্ড সংঘটিত কৰি বিবাহিত বায়েকক পিতৃৰ নিৰুদ্দেশ হোৱা বুলি আৰু পাছলৈ পিতৃৰ বেমাৰ হৈছে বুলি জানিবলৈ দি ঘৰতে আছে বুলি কোৱাত বায়েকৰ সন্দেহ হয় আৰু ফোন যোগে ঘৰৰ ওচৰৰে এজ আত্মীয়ক ঘটনাৰ বুজ ল’বলৈ কয় ।
অবশেষত চন্দন গগৈ য়ে  পিতৃক হত্যা কৰা কথা সদৰি হোৱাত স্থানীয় ৰাইজৰ আৰু পৰিয়ালৰ অন্যান্য সকলে নিশা আঠ বজাত ঘিলামৰা আৰক্ষীক খবৰ দিয়াত  নিশাই ঢকুৱাখনা মহকুমা  আৰক্ষী  বিষয়া  সৌমাৰ জোতি  ভুঞাৰ সহযোগত ঘিলামৰা আৰক্ষী থানাৰ দুই বিষয়া  ৰাহুল আমিন আৰু তৰুণ  চেত্ৰীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে চন্দনক গোগামুখৰ তুলসী বাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

Related Articles