আজি দিনৰ ১২.৩০ বজাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মৰিগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত শ্ৰীযুত প্ৰকাশ ৰঞ্জন ঘৰফলীয়ায়ে সাংবাদিকসকলৰ সৈতে চিনাকি পৰ্ব আৰু আগন্তুক স্বাধীনতা দিৱস উদযাপন উপলক্ষে এক সংবাদ মেল অনুষ্ঠিত কৰে। এই সংবাদ মেলত গৰিষ্ঠ সংখ্যক ই মিডিয়া আৰু প্ৰিন্ট মিডিয়াৰ সাংবাদিক সকলৰ উপস্হিতিত উপায়ুক্ত মহোদয়ে সকলোকে কভীড প্ৰটোকল বজাই ৰাখি আগন্তুক ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায়। অৱশ্যে জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰিবলগীয়া ৭৫ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিবলৈ আমন্ত্রণ পত্ৰও জিলা জন সংযোগ কাৰ্যালয়ৰ তৰফৰ পৰা সাংবাদিক সকলক প্ৰদান কৰা হয়।

