আজি দ্বিতীয় দিনাৰ বাবেও ধেমাজিত বানৰ কৱলত আছে বহু গাওঁ ৷ আজিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজু গাওঁ আৰু জীয়াঢল চাৰিআলিৰ দুটা অংশৰ প্ৰায় ১ ফুট ওপৰেৰে বৈ আছে জীয়াধল নদীৰ পানী ৷এই ভদীয়া বানত জীয়াধল , বৰাজান আৰু ৰাইনদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২০ খন গাওঁ বেয়াকৈ প্লাবিত কৰাৰ পিছত যথেষ্ট ক্ষতি কৰা পৰিলক্ষিত হৈছে ৷এই ক্ষয়ক্ষতি বুজ লবলৈ কালি নিশাই ধেমাজিত উপস্হিত হয়হি ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ মন্ত্ৰীজনে যোৱা মঙ্গল বাৰে ধেমাজি বৰ্মন গাওঁস্থিত জীয়াঢল নদীৰ ক’ফাৰ ডেমটো প্ৰায় ৫০০ শ মিটাৰ ছিঙি নিয়াৰ অংশত উপস্হিত হৈ কফাৰডেমটো প্ৰত্যক্ষ কৰে আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে ৷ ইয়াৰ পিছতে জীয়াধল নদীৰ বানত ডুব গৈ থকা জীয়াধল , বাটঘৰীয়া পঞ্চায়তৰ কেইবাখনো গাৱঁৰ বান পৰিস্হিতিৰ বুজ লয় আৰু বিভাগীয় কৰ্তৃপক্ষক বন্যাৰ্তক সহযোগ আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷ ইপিনে মন্ত্ৰীজনে বৰাজান আৰু ৰাইনদীয়ে ধুই নিয়া মৰিধল আৰু লক্ষীপথাৰ পঞ্চায়তৰ কেইবাখনো গাৱঁৰ বান পৰিস্হিতিৰ বুজ লোৱাৰ লগতে বান সাহাৰ্য শিৱিৰো পৰিদৰ্শন কৰে৷ উল্লেখযোগ্য যে মন্ত্ৰীৰ ভ্ৰমণৰ সময়তে জীয়াধল বানত সৰ্বস্বান্ত হোৱা বন্যাৰ্তই জিলা প্ৰশাসনৰ পৰা বান সাহায্য লাভ নকৰাৰ অভিযোগ তোলে ৷ উল্লেখ্য যে ধেমাজি দীৰ্ঘদিনীয়া বান সমস্যা স্থায়ী সমাধানৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ডিমৌত মিপুন বংশাৱলীৰ প্ৰথম সাধাৰণ অধিৱেশন সম্পন্ন
- স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ
- ভাৰত আৰু ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন দিগন্তৰ সূচনা
- ব’হাগত কুৰিৰো অধিক মঞ্চত বিহুৰ দ্বাৰা ব্যতিক্ৰমী পথ-সুৰক্ষা অনুষ্ঠান পৰিবহণ বিভাগৰ
- মিছ ইউনিভাৰ্ছৰ ল’গো মুকলি, জুন মাহত অনুষ্ঠিত হ’ব মিছ ইউনিভাৰ্ছ অসমৰ অডিচন; গুৱাহাটীত মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ প্ৰতিনিধি…
- পাটনাৰ গুৰুদ্বাৰত ব্যতিক্ৰমী ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি পদত নিৰ্বাচিত নগেন শৰ্মা, সাধাৰণ সম্পাদকৰ পদত অপূৰ্ব কলিতা…
- ডাইনী হত্যাৰ বিপক্ষে থিয় দিয়া সাহসী যুঁজাৰু নাৰীগৰাকী…
- চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ, ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম, গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮২.০৫ শতাংশ…
- পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…