নেচনেল ডিফেন্স একাডেমী (NDA)ৰ প্রৱেশ পৰীক্ষাত মহিলাসকলেও অৱতীর্ণ হ’ব পাৰিব৷ আজি এক ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণৰ সময়ত উচ্চতম ন্যায়ালয়ে অন্তর্ৱর্তী ৰায়ত এই কথা ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে এন ডি এৰ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহিবলৈ অনুমতি নিদিয়াৰ অভিযোগৰ ভিত্তিত ভাৰতীয় সেনাক কঠোৰ ভাষাত সমালোচনা কৰিছে দেশৰ শীর্ষ আদালতখনে৷ আগন্তুক ৫ছেপ্টেম্বৰত নেচনেল ডিফেন্স একাডেমীৰ প্রৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব৷ লক্ষণীয়ভাৱে ভাৰতীয় সেনাৰ ভূমিকাক এইক্ষেত্রত লিংগ বৈষম্য বুলিও সমালোচনা কৰিছে ন্যায়ালয়ে৷ প্রৱেশ পৰীক্ষাত মহিলাসকলক বহাৰ অনুমতি দিয়া হোৱা নাই বুলি এক অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল দিল্লীৰ অধিবক্তা কুছ কালৰাই৷ আবেদনত অধিবক্তাগৰাকীয়ে অভিযোগ কৰিছিল মাত্র লিংগৰ ভিত্তিত মহিলাসকলক পৰীক্ষাত অৱতীর্ণ হ’বলৈ নিদিয়াৰ সিদ্ধান্ত লোৱাৰ ফলত উলংঘা হৈছে ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৬ আৰু ১৯ অনুচ্ছেদ৷ বুধবাৰে শীর্ষ আদালতখনৰ বিচাৰপতি সঞ্জয় কিষাণ কৌল আৰু বিচাৰপতি হৃষীকেশ ৰয়ৰ বিচাৰপীঠে আবেদনৰ শুনানি গ্রহণ কৰি কয় যে ভাৰতীয় সেনাত মহিলাসকলক সমান সুযোগ দিয়া হৈছে৷ সশস্ত্র বাহিনীত জড়িত হোৱাৰ প্রক্রিয়াত কোনোধৰণৰ মৌলিক অধিকাৰ উলংঘা নহয় বুলিও ন্যায়ালয়ে উল্লেখ কৰে৷ চলিত শিক্ষা বর্ষৰ পৰা ডেৰাডুনৰ ৰাষ্ট্রীয় ইণ্ডিয়ান মিলিটাৰী কলেজত মহিলাসকলক অংশগ্রহণ বৃদ্ধি কৰাৰ দাবীত কিছুদিন পূর্বে অন্য এটা গোচৰো ৰুজু হৈছিল উচ্চতম ন্যায়ালয়ত৷ এই বিষয়টোও আজি শুনানিৰ সময়ত বিশ্লেষণ কৰে শীর্ষ আদালতখনে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- प्रथम वाहिनी सशस्त्र सीमा बल सोनपुर में स्वास्थ्य जागरूकता एवं निःशुल्क आयुर्वेद शिविर का आयोजन किया गया…
- নগাঁৱৰ ঘূৰীয়াগাঁও ডৌকা চাপৰি সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী গোপাল দেৱৰ তিৰোভাৱ-আবিৰ্ভাৱ তিথি…
- Health awareness and free ayurveda camp organized at 1st Bn SSB Sonapur…
- ৩১ মে’ লৈকে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…
- পুৰণিগুদাম বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰদ্ধাঞ্জলি আৰু অমিয়া বেজবৰুৱা সোঁৱৰণি বঁটা বিতৰণী সভা…
- গুটখা আৰু ধঁপাতৰ বাবে কোটি কোটি টকা খৰচ হ’ব ভাৰতৰ…
- আওকাণ নকৰিব! নতুন ঘৰলৈ যোৱাৰ পূৰ্বে জানি লওক এই সমূহ নিয়মৰ বিষয়ে, নহ’লে বিপদত পৰিব পৰিয়ালটো…
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গামোচা পিন্ধালে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই…
- কাছাৰৰ গুমৰাত ২গৰাকী আৰক্ষীক আক্ৰমণ গো-মাফিয়াৰ পৰিয়ালৰ…
- গৰমৰ দিনত পালেঙ শাক খোৱাৰ উপকাৰিতা…