পশ্চিম নলবাৰী অঞ্চলৰ ধর্মপুৰ সমষ্টিৰ বিহামপুৰত থকা পশু চিকিৎসা কেন্দ্ৰটোৰ দুৰৱস্হাই সম্প্ৰতি ৰাইজৰ চকু কপালত উঠিছে। ১৯৮৫ চনতে স্থাপিত হৈছিল উক্ত পশুচিকিৎসা কেন্দ্ৰটো ৷ পৰিতাপৰ বিষয় যে সুদীর্ঘ প্রায় পয়ত্ৰিছ বছৰে তাৰ উন্নতিৰ বাবে আজিলৈকে কোনো এখন চৰকাৰৰ চকুত নপৰিল ৷ কেন্দ্ৰটোত আন্তঃগাঁঠনি বুলিবলৈ একোৱে নাই ৷বর্তমান কার্য্যালয় গৃহটো জহিখহি গৈছে ৷ নাই কোনো পানীৰ ব্যৱস্থা,কোনোবা কর্মচাৰীৰ যদি এটুপি পানী খাবলৈ মন যাই তেতিয়া হলে ওচৰৰ মানুহৰ ঘৰত গৈ পানী খাব লাগে ৷ ইফালে নাই কোনো বিদ্যুৎ সংযোগ ,নাই কোনো চাৰিও দিশৰ পকীবেৰ ৷যেন মৰিশালি সদৃশ পৰিবেশ ৷ কেন্দ্ৰটোৰ কর্মচাৰীয়ে বহু কষ্ট কৰি ৰাইজৰ পশুধনৰ সেৱা কৰি থাকিব লগা হৈছে। গতিকে অতি সোন কালে অঞ্চলটোৰ ৰাইজৰ পশুধনৰ সুবিধার্থে পশুচিকিৎসা কেন্দ্ৰটো বিভিন্ন সুবিধা সমুহ কৰি পশুচিকিৎসাৰ পৰিবর্তে পশুচিকিৎসালয়লৈ উত্তৰন ঘটাই সকলো সুবিধা কৰি উন্নতি সাধন কৰাৰ বাবে পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সুভাষ বর্মন আৰু সম্পাদক প্রাণজিত ঠাকুৰীয়াৰ স্বাক্ষৰ যুক্ত এখন স্মাৰক পত্র প্রদান কৰে ধর্মপুৰ বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক তথা পৰিবহন মন্ৰী চন্দ্ৰমোহন পাটোৱাৰী ,কৃষি ও পশুপালন মন্ৰী,লগতে জিলা পশুপালন বিষয়ালৈ স্মাৰক পত্র প্রদান কৰে পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়া বার্বী হাজৰিকা আৰু বেদান্ত বৰুৱাৰ জৰিয়তে ৷স্বাৰক পত্র প্রদান কৰাৰ সময়ত উপস্থিত থাকে পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সভাপতি, সুভাষ বৰ্মণ সম্পাদক ,প্রাণজিত ঠাকুৰীয়া ,উপ:সভাপতি দেৱজিত শর্মা,সহঃসাধাৰন সম্পাদক নয়নজ্যোতি বর্মন,মূখ্য সাংগঠনিক সম্পাদক চাহিদুল আলম ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…
- চতুৰ্থ ফেডাৰেচন কাপ ৰোল বল চেম্পিয়নশ্বিপৰ বাবে পুৰুষ –মহিলাৰ ৰাজ্যিক দল ঘোষণা…
- কোকৰাঝাৰত কোনে মাৰিব শেষ হাঁহি ! বিশাল নিৰ্বাচনী সভাৰ সলনি ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে নিৰ্দলীয় জোন দাসে…
- প্ৰেৰণা পুথিভঁৰালৰ নতুন দেহৰ শাখাৰ দ্বিতীয় বাৰ্ষিক ৰঙালী বিহু উদযাপন…
- অসমীয়া অভিধান ‘হেমকোষ’ ৰ প্ৰণেতা, আধুনিক অসমীয়া গদ্যৰ বাটকটীয়া, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস পালন…
- অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…
- জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…
- যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…