মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ এশ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আজি ধুবুৰীত জিলাখনৰ সাংবাদিক আৰু বিশিষ্ট নাগৰিকৰ সৈতে চৰকাৰখনৰ এশ দিনীয়া কাৰ্যকালৰ সফলতা আৰু পদক্ষেপসমূহ সন্দৰ্ভত বাৰ্তালাপ কৰিবলৈ জিলা প্ৰশাসনৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ধুবুৰী জিলা পুথিভড়াল প্ৰেক্ষাগৃহত বিয়লি অনুষ্ঠিত অনুষ্ঠানৰ প্ৰথমতে ধুবুৰীৰ উপায়ুক্ত অন্বামুথন এম পিয়ে ৰাজ্য চৰকাৰখনে বিগত এশটা দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিবলৈ এখন সাংবাদিক মেল সম্বোধন কৰে৷ ইয়াৰ পিছত অনুষ্ঠিত হয় এখন সভা৷ সভাত সভাপতিত্ব কৰে উপায়ুক্ত অন্বামুথন এম পিয়ে৷ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সমাজকৰ্মী তথা গৌৰীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ৰাজ্য চৰকাৰখনক বিগত এশটা দিনত হাতত লোৱা জনকল্যাণকামী আচনিবোৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ সক্ৰিয় সমাজকৰ্মী দেৱময় সন্যালে কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত এশ দিনত গ্ৰহণ কৰা তৎপৰতাৰ পৰাই নিশ্চিত হ’ব পাৰি যে এইখন চৰকাৰৰ কাৰ্যকালতে অসম দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হ’ব৷ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা কবি নিলীমা চক্ৰৱৰ্তীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিষয়বস্তু হিচাপে লৈ লিখা এটা কবিতা পাঠ কৰে৷ সভাত উপস্থিতসকলৰ মাজত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বিগত এশটা দিনৰ কামৰ খতিয়ান সন্নিবিষ্ট এখন পুস্তিকা বিতৰণ কৰা হয়৷ সভাত ধুবুৰী জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী, ধ্ৰুৱজ্যোতি দাস, সমাজকৰ্মী বিমল অছৱাল প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…