অখ্যাত কলা-কুশলীয়ে অসমক পুনৰ পুনৰ খ্যাতিৰে উজ্জীৱিত কৰিছে। যোৰহাটৰ এন জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি ‘অনীহা’ এইবাৰ মুম্বাই ইণ্ডিয়া ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে। যোৱা ৫ জুনত বিশ্ব পৰিৱেশ দিৱসত মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু চিনামৰা খৰিয়াচুকৰ উদিয়ামান প্ৰতিভা মৃগাংক মাইনাৰ। চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়া। সহযোগী পায়েল শৰ্মা। সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনত অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা। অহা ৩১ আগষ্টত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱত ছবিখন শ্ৰেষ্ঠ চুটি ছবি শিতানত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে। ইতিমধ্যে অনীহাই ৰাষ্ট্ৰীয় বিদ্যালয় পৰ্য্যায়ৰ চুটি ছবি প্ৰতিযোগিতাত শ্ৰেষ্ঠ বঁটা আৰু ৰামেশ্বৰম আন্তঃ ৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত পূৰৱ আৰু মৃগাঙ্কই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, উৰুভাত্তি আন্তঃ ৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী আৰু শ্ৰেষ্ঠ প্ৰযোজক শিতানত ক্ৰমে পূৰৱ শৰ্মা আৰু নয়ন জ্যোতি শৰ্মাই স্পেচিয়েল মেনছন এৱাৰ্ড লাভ কৰিছে। ইয়াৰোপৰি এই চুটি ছবি ‘অনীহা’ই কেইবাখনো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…
- বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…
- কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…
- কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…
- চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…
- বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…
- ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…
- মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…
- বি আৰ এম চৰকাৰী আইন মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ…
- নেপালৰ নতুন ১০০ টকীয়া নোটত অন্তৰ্ভুক্ত কৰা হ’ব বিবদমান ভূমিৰ মানচিত্ৰ…