কাৰ্বি আংলং আৰক্ষী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে।এক গোপন সূত্ৰৰ পম খেদি শুক্ৰ বাৰে পুৱা কাৰ্বি আংলং আৰক্ষী আৰু ডিমাপুৰস্থিত পঞ্চম অসম ৰাইফলছৰ এটা যুটীয়া দলে কাৰ্বি আংলঙৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘঁৰিয়ালডুবি এলেকাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰাৰ লগতে চাৰিজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। যুটীয়া অভিযানকাৰী দলটোৱে ডিফু , ধনশিৰিৰ ৰাজু ঘাটোৱাৰ আৰু কৃষ্ণ ওৰাং, ডিলাই হাটোকাজানৰ লুকাছ কাংগাৰী আৰু খটখটী লামা বস্তিৰ ৰবাৰ্ট হৰ’ ক কৰায়ত্ত কৰে আৰু তেওঁলোকৰ পৰা মেগজিন সহ এটা পইণ্ট টু টু ৰাইফল , এটা নাইন এম এম পিষ্টল, দুটা পইণ্ট টু টু পিষ্টল, এটা চাইনীজ গ্ৰেণেড, এটা স্থানীয়ভাৱে তৈয়াৰী গ্ৰেণেড আৰু পাঁচ ৰাউণ্ড পইণ্ট টু টু সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আৰু অসম ৰাইফলছে তদন্ত অব্যাহত ৰাখিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…