ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়।
এই উপলক্ষে সঞ্চালকালয়ৰ দিছপুৰস্থিত মুখ্য কাৰ্যালয়ত নাম-প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ কৰ্মচাৰীসকলে থিয় নাম, বৰগীত আদি পৰিৱেশন কৰে।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত দহটা সংকল্প গ্ৰহণৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল৷ সেইমৰ্মে পুৰোধা ব্যক্তি আৰু মহাপৰুষৰ আৱিৰ্ভাব আৰু তিৰোভাৱ তিথিত বন্ধ পালন কৰাৰ পৰিবৰ্তে কাৰ্যালয়ত উদযাপন কৰাৰ বাবে তেওঁ আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাবী বন্ধৰ দিন হোৱা সত্বেও তথ্য আৰু জনসংযোগৰ নৱ-নিযুক্ত সঞ্চালক শ্ৰী বিষ্ণু কমল বৰা আৰু অতিৰিক্ত সঞ্চালক শ্ৰী প্ৰদীপ ব্ৰহ্মৰ উদ্যোগত সমূহ বিষয়া-কৰ্মচাৰীয়ে আজি কাৰ্যালয়তে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰি গুৰুজনাক স্মৰণ কৰে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মানাহ ৰাষ্ট্ৰীয় উদ্যানত গা ধুবলৈ গৈ নিখোজ তিনি যুৱক, সন্ধান নাই দ্বীপ, অভিজিতৰ…
- ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…
- ৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী, কংগ্ৰেছৰ দিনত টকা দিলেহে চাকৰি পাইছিল, কিন্তু আজি সেই পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা…
- নতুন নিয়মঃ এখন বিয়াত এবিধতকৈ অধিক ব্যঞ্জন প্ৰস্তুত নকৰাই ভাল! নিয়ম কঠোৰভাৱে বলবৎ হ’ব…
- ৪০০ বছৰীয়া পুৰণি মন্দিৰত সিদ্ধাৰ্থৰ সৈতে গোপনে বাগদান অদিতিৰ! গোপন এংগেজমেণ্টৰ আঁৰৰ কাহিনী জানক…
- নাৰিকল তেলঃ ৰন্ধা-বঢ়াৰ পৰা সৌন্দৰ্যলৈকে, কিয় নাৰিকল তেল আপোনাৰ বাবে অতি উপকাৰী জানেনে…
- দক্ষিণ ব্ৰাজিলত প্ৰচণ্ড বৰষুণৰ ফলত ১০ জনৰ মৃত্যু! ২১জন নিৰুদ্দেশ…
- ৰূপালী পৰ্দাত কি অভিনয় কৰিব কৰিশ্মাই !
- জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হয়নে…
- আমেৰিকা যুক্তৰাষ্ট্ৰত মৰমী-মেঘৰঞ্জনীৰ কথক নৃত্যৰ অনুষ্ঠান আৰু কৰ্মশালা…