ভাদমহীয়া বানৰ কবলত পৰি দেৰগাঁৱ ৰাজহ চক্ৰৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰি বাসী দিশহাৰা হৈ পৰিছে। খৰাং পৰিস্থিতিৰ বাবে কৃষিজীৱি অঞ্চলটোত শেহতীয়াকৈ কৃষকে পানীৰ অভাৱত গাঁঠিৰ ধন ভাঙি মেছিনেৰ পানী সিঁচি দুই এডৰা শালি খেতি ৰুই ভৱিষ্যতৰ সপোন ৰচিছিল যদিও সেই সপোন ৰাতিৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বানে তচনচ কৰি পেলালে। বানে কেইবাশ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। বানত কৱলত পৰা সমগ্ৰ অঞ্চলটো বহিজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ জনজীৱন সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে। অঞ্চলটোৰ লেমচাপৰি, গড়মৰা,শলাবোৱা, চমুৱা, ছিৰিশটিকা, সদাৰ, বহিখোৱা, নতুন চাপৰি আদি গাঁও সমুহৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰিৰ বহু কেইখন গাঁও প্লাৱিত কৰি পেলাইছে এই ভদীয়া বানে। কৃষি কৰ্মৰ উপৰিও পশুধন পালন কৰি জীৱন নিৰ্বাহ কৰা লোক সকলে এতিয়া পশুধনৰ লগতে নিজৰ জীৱন বচাবলৈ সুৰক্ষিত আশ্ৰয় স্থলী বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। বিপদ সীমাৰ ওপৰে বৃদ্ধি পাই থকা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠক লৈ এতিয়া আতংকিত নৈ পৰীয়া জনসাধাৰণ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…