টীয়কৰ জাঁজীমুখত ভদীয়া বানৰ তাণ্ডৱ

টীয়কৰ জাঁজীমুখত ভদীয়া  বানে অঞ্চলটোৰ  শগুনপাৰা, ওপৰ শগুনপাৰা , তিনিঘৰীয়া , জপং গাওঁ  আদি কেইবাখনো গাওঁ  বানপানীৰ কবলত পৰিছে।  ঘৰৰ ভিতৰত  পানী হোৱাৰ বাবে একাংশ পৰিয়ালে  মঠাউৰীৰ ওপৰত আশ্ৰয়  লগা পৰিবেশৰ সুচনা হৈছে। এই বানৰ কবলত পৰি থকা লোক সকলক সাহায্য প্ৰদান কৰা লগতে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ  আহব্বান  চৰকাৰ তথা যোৰহাট জিলাৰ প্ৰশাসনক স্থানীয় ৰাইজৰ।ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্হলিত অত্যধিক বৃষ্টিপাতৰ বাবে  তীব্ৰ গতিৰে বাগৰিছিল  মূল বান্ধৰ ওপৰেদি পানী। ফলত ভাদ মাহত অহা এই বাঢ়নী পানীয়ে সজাল ধৰা ধাননি পথাৰ বুৰাই পেলাইছে অনিষ্ট সাধন কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটনৰ পিছতে ভয়ানক পৰিস্থিতি সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে নামনি অংশত।কালি টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া , অগপ যোৰহাট জিলাৰ সম্পাদক দ্বিপেন বৰগোঁহাই পৰিস্থিতিৰ বুজ লয়।যোৰহাট জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এখন নাওৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞা লগতে বিকাশ শইকীয়াই বানপীড়ীত অঞ্চলটো পৰিভ্ৰমণ কৰি বুজ লয়।

Related Articles