দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজি শিক্ষক দিৱস জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলাখনৰ ১৭ গৰাকী বিদ্যালয়ৰ শিক্ষকক কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰা হয়। তদুপৰি যোৱা কৰোনা মহামাৰীৰ সময়চোৱাত অন লাইন পাঠদানেৰে উল্লেখণীয় কৃতিত্ব প্ৰদৰ্শন কৰা আন ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীকো সম্বৰ্দ্ধনা জনোৱা হয়। সভাত ভাষণ দি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে শিক্ষক সকলৰ যত্ন আৰু কষ্টৰ ফলতে আজি আমি সমাজত মানুহ ৰূপে স্বীকৃত হৈছো। সেয়েহে শিক্ষাগুৰু সকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় অটুট থাকে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ড: সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শনৰ বিষয়ে কয় হাউলীৰ বি এইছ কলেজৰ অধ্যক্ষ ড: ভূষণ চন্দ্ৰ পাঠকে। তেখেতে সাম্প্ৰতিক কালত মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতিয়েও সভাত সাৰুৱা ভাষণ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাস, জিলা পুথিভঁৰাল বিষয়া জয়া চৌধুৰী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কৃতি শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক-শিক্ষক হিৰণ শইকীয়া লহকৰে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…