কেৱল ফলক স্থাপন কৰিয়েই সৰকালে দুই লক্ষাধিক টকা

ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত অমিয়পুৰ গাঁও পঞ্চায়তৰ নাৰেংকাতি কছাৰি গাঁৱত ২০১৯-২০২০ বিত্তীয় বৰ্ষত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন(এমজিএনৰেগা)ৰ অধীনত দুই লক্ষাধিক টকাৰ এক আঁচনি ৰূপায়নৰ নামত গুৰুতৰ দুৰ্নীতি সংঘটিত হৈছে। এই প্ৰতিবেদনৰ সৈতে প্ৰকাশ পোৱা পকী ফলকৰ ফটোখনেই এই দুৰ্নীতি প্ৰতিপন্ন কৰিছে । ফলকখনত উল্লেখ থকা তথ্য অনুসৰি, নাৰেংকাতি কছাৰি গাঁৱত অৱস্থিত নাৰেংকাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন ফুলৰ বাগিছা গঢ়ি তোলাৰ এক আঁচনি ৰূপায়নৰ বাবে ২০১৯-২০২০ বৰ্ষত ২,১৯,৬২৮ টকা এমজিএনৰেগাৰ অধীনত অনুমোদিত হৈছিল । ইয়াৰে ২,০৭,৬৬৮ টকা মজুৰিৰ বাবে ধাৰ্য কৰা হৈছিল সৰ্বমুঠ ১০৭৬ টা দিন মজুৰিৰ বিপৰীতে । আনহাতে ,মুঠ অনুমোদিত ধনৰ ১১,৯৬০ টকা ধাৰ্য কৰা হৈছিল আঁচনিখন ৰূপায়নত প্ৰয়োজন হোৱা সামগ্ৰীৰ বাবে ।আমাৰ হাতত পৰা তথ্যত প্ৰকাশ পোৱা মতে, আঁচনিখনৰ সমুদায় ধনেই ইতিমধ্যে ব্যয় কৰা হৈছে ।কিন্তু বাস্তৱত দেখা গৈছে আঁচনিৰ তথ্য উল্লেখ থকা পকী ফলকখনৰ বাহিৰে বিদ্যালয়খনৰ চৌহদত আঁচনিখন ৰূপায়নৰ কোনোধৰনৰ অস্তিত্বই নাই । স্থানীয় বহুকেইজন লোকে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, ফলকখন স্থাপন কৰা স্থানত চাৰি ট্ৰেক্টৰ মাটি ভৰোৱা হৈছিল আৰু সেই মাটিখিনি চাৰিজন শ্ৰমিকে এদিনতে কোৰেৰে মিলাই সমান কৰি দিছিল । আন এদিন শ্ৰমিক চাৰিজনে ফুলনিৰ বেৰ দিবলৈ কিছু পৰিমানে বাঁহৰ গোজ বা খুঁটি প্ৰস্তুত কৰিছিল যদিও আজি পৰ্যন্ত বেৰ নিৰ্মাণ কৰা নহ’ল । গোজখিনি সেই ঠাইতে পৰি থাকি শুকাই পচি গৈছে। এনেদৰে চাৰি ট্ৰেক্টৰ মাটি কটা আৰু মাটি মিলোৱা আৰু সামান্য পৰিমাণৰ বাঁহৰ গোজ প্ৰস্তুতৰ কামত নিয়োজিত শ্ৰমিকৰ অতি বেছি পোন্ধৰ- বিশটামান মজুৰিৰ বাবদ আঁচনিখনৰ অনুমোদিত মজুৰিৰ ধনৰ পৰা দৰাচলতে ২৮৯৫ৰ পৰা ৩৮৬০ টকাহে ব্যয় হৈছে বুলি স্থানীয় লোক সকলে জনায়। আনহাতে, সামগ্ৰীৰ নামত চাৰিডাল বাঁহৰ বাহিৰে আন একোৱেই ক্ৰয় কৰা নাই বুলিও স্থানীয় লোক কেইগৰাকীয়ে কয় । এনেদৰে, এডালো ফুলৰ পুলি ৰোপন নকৰাকৈ তথা ফুলনিৰ বেৰ নিৰ্মাণ নকৰাকৈয়ে নাৰেংকাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন অস্তিত্বহীন ফুলনি গঢ়ি দুই লক্ষাধিক টকাৰ এমজিএনৰেগাৰ মজুৰিৰ ধন জালিয়াতিৰে সৰকাই নিয়ে পঞ্চায়ত প্ৰতিনিধি, গ্ৰামীণ ৰোজগাৰ সহায়ক আৰু একাংশ স্থানীয় বিজেপি কৰ্মীৰে গঠিত এক চক্ৰই । একেদৰে ভুৱা নথিৰে চক্ৰটোৱে সৰকায় সামগ্ৰীৰ নামত ধাৰ্য কৰা ধনৰাশিও ।উল্লেখযোগ্য যে,  বিদ্যালয়খনৰ চৌহদত উন্মুক্ত ভূমিত জিলিকি থকা আঁচনিখনৰ তথ্য সম্বলিত পকী ফলকখনে এমজিএনৰেগাৰ নামত ঢেকীয়াজুলিৰ একাংশ পঞ্চায়তত কেনে প্ৰহসন চলি আহিছে তাকেই জলজল পটপটকৈ দাঙি ধৰিছে । নাৰেংকাতি কছাৰি গাঁৱৰ সচেতন ৰাইজে এই আঁচনিখনৰ ৰূপায়নত সংঘটিত গুৰুতৰ দুৰ্নীতিৰ শীঘ্ৰে তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ফুলনিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনক দাবী জনাইছে ।

Related Articles