পৰ্বতঝোৰাৰ দেবীতোলাত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ

ধৰ্ম নিৰপেক্ষ দেশ এখনত গণতান্ত্ৰিক চৰকাৰৰ বৈষ্যম্মমুলক আচৰণে ক্ষুদ্ধ কৰি তুলিছে জনগনক । তেত্ৰিছ খন জিলাৰ ভিতৰত ২৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰে যদিও ৬খন জিলাক বাদ পেলোৱা ঘটনা বিজেপি চৰকাৰৰ বাবে তীব্ৰ নিন্দা জনক। উল্লেখ্য যে, ৰাজ্য খনৰ উপ – নিৰ্বাচনৰ ললীপপ হিচাপে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত জিলা সমূহক বাদ দি টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা কাৰ্য্যই অকল মুছলমানেই নহয় হিন্দু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী সকলোও বঞ্চিত হব লগীয়া কাৰ্য্যৰ বিৰুদ্ধে পৰ্বতঝোৰা জিলা আমছুৱে আজি দেবীতোলাত অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰে । স্মৰ্তব্য যে, যি বিলাক জিলাত কভিডৰ ভয়াৱহতা যথেষ্ট বেছি সেই সমূহ জিলা বাদ দিয়া নাই । কিন্তু ৰাজ্য খনৰ মূখ্যমন্ত্ৰীৰ স্বভাৱ সুলভ মন্তব্যই বাৰু কৈ লজ্জানত কৰি পেলাইছে সমগ্ৰ অসম বাসীক।

Related Articles