নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত কালি বিশেষ সংক্ষিপ্ত সংশোধনী ফটোযুক্ত ভোটাৰ তালিকা, ২০২২ সন্দৰ্ভত এখনি প্ৰশিক্ষণ সভা অনুষ্ঠিত হয়। উক্ত সভাত ১০৪ নং নাজিৰা বিধানসভা সমষ্টিৰ সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া সকলৰ লগতে বুথ পৰ্য্যায়ৰ বিষয়া সকলক “গৰুড়া” এপ্ তথা “ভোটাৰ হেল্পলাইন”এপ্’ৰ বিষয়ে প্ৰশিক্ষণ দিয়ে কণিষ্ঠ অভিযন্তা, ভূমি সংৰক্ষণ বিভাগ নাজিৰা তথা বুথ পৰ্য্যায়ৰ তত্বাৱধায়ক বিশ্বজিৎ গগৈয়ে।প্ৰশিক্ষণত বিশ্বজিৎ গগৈয়ে গৰুড়া এপ্ কিদৰে বি. এল. অ’ সকলে নিজৰ ম’বাইলত ডাউনলোড কৰিব পাৰিব সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। এই এপ্’ত বুথ পৰ্যায়ৰ বিষয়া সকলে ভোট কেন্দ্ৰ সমূহৰ জি. আই. এছ স্থানাংক (অক্ষাংশ/দ্ৰাঘিমাংশ), ভোটাৰৰ প্র-পত্ৰ দাখিল কৰা, ক্ষেত্ৰ প্ৰমাণীকৰণ, ভোট কেন্দ্ৰৰ ঠিকনা আৰু ফটো সমূহ সংযোগ কৰিব পাৰিব। তদুপৰি তেখেতে ফৰ্ম ৬, ৮ কি দৰে পূৰণ কৰিব পাৰি, তাৰ বিষয়ে প্ৰশিক্ষণ সভাত অৱগত কৰাই। অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে উপস্থিত সংশ্লিষ্ট বিষয়া সকলক তেওঁলোকৰ অধীনস্থ বি.এল.অ’ সকলে যাতে ২৭ ছেপটেম্বৰৰ ভিতৰত গৰুড়া এপ্’ৰ এণ্ড্ৰইড ম’বাইলত ডাউনলোড কৰে, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।উক্ত প্ৰশিক্ষণ সভাত নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত নাজিৰা নিৰ্বাচনী বিষয়া ৰুবী কুমাৰী ৰয়, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, খণ্ড উন্নয়ন বিষয়া তন্ময় চেতিয়া,তথ্য ও জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, মাষ্টাৰ ট্ৰেইনাৰ কণিষ্ঠ অভিযন্তা তথা ভূমি সংৰক্ষণ আৰু বি এল অ’ ছুপাৰভাইজাৰ বিশ্বজিৎ গগৈৰ লগতে সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ মুৰব্বী বিষয়াসকলৰ লগতে কেইবাগৰাকী বি. এল. অ’ উপস্থিত থাকে।

