ছিপাঝাৰ ঢলপুৰ কাণ্ডৰ বিৰুদ্ধে ধুবুৰীত AIUDF ৰ প্ৰতিবাদৰ নাটক।আজি ধুবুৰী উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত।ছিপাঝাৰৰ ঢলপুৰ (গৰুখুটি) কাণ্ডৰ লগতে, ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত সংখ্যালঘূ ওপৰত নিৰ্যাতন চলি থকাৰ সময়তে AIUDF দলৰ মূৰব্বী, ধুবুৰী লোক সভা সমষ্টিৰ সাংসদ তথা নিজকে সংখ্যালঘূৰ ত্ৰানকৰ্তা বুলি জাহিৰ কৰা মৌলানা বদৰুদ্দিন আজমলৰ লগতে দলীয় নেতৃত্বই নিৰুদ্দেশ হৈ থকা বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। তাৰ পিছতেই সাৰ পাই উঠিল AIUDF দল তথা দলীয় কৰ্মী।আজি মাহৰ শেষ শনিবাৰ গতিকে, চৰকাৰী বন্ধৰ দিন।আজি এই বন্ধৰ দিনত ৰাতিপূৱা ১১বজাৰ পৰা ধুবুৰী উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত, ধুবুৰী জিলাৰ AIUDF কৰ্মী সকলে মুষ্ঠিমেয় দলীয় সমৰ্থক তথা কৰ্মী সকলক লৈ বন্ধ কাৰ্য্যালয়ৰ সন্মুখত মৌন প্ৰতি বাদী কাৰ্য্য সূচি গ্ৰহণ কৰে।

