মাজুলী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱস পালন

ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৪ চেপ্তেম্বৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি , মাজুলী মহাবিদ্যালয় গোটৰ সৌজন্যত এক ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই কাৰ্য্যসূচীৰ অধীনত মাজুলীৰ অন্যতম ব্যস্ত অঞ্চল কমলাবাৰী পাৰঘাটত এক পৰিৱেশ সজাগতাৰ আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই আনুষ্ঠানিক ভাবে উদ্বোধন কৰা কাৰ্যসূচীৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সেৱা আঁচনি , মাজুলী মহাবিদ্যালয় গোটৰ কাৰ্য্যক্ৰম বিষয়া তথা অধ্যাপক ড° অৰূপ বুঢ়াগোহাঁইয়ে ৰাষ্ট্ৰীয় সেৱা আঁচনি প্ৰতিষ্ঠাৰ আঁৰৰ ইতিহাস , ইয়াৰ উদ্দেশ্য তথা সমাজৰ প্ৰতি ইয়াৰ সেৱক সকলৰ দায়বদ্ধতাৰ বিষয়ে স্বেচ্ছাসেৱকসকলক অৱগত কৰে । ইয়াৰ পিছতেই প্ৰায় অৰ্ধশতাধিক স্বেচ্ছাসেৱকে চাফাই অভিযান চলাই এক বৃহৎ এলেকাত য’তে-ত’তে সিঁচৰতি হৈ থকা আৱৰ্জনা আঁতৰ কৰি অঞ্চলটোৰ সৌষ্ঠৱ বৃদ্ধি কৰাত অৰিহণা যোগোৱাৰ লগতে পৰিষ্কাৰ-পৰিচন্নতাৰ সন্দৰ্ভত এক জনসচেতনতা সৃষ্টি কৰে । পৰৱৰ্তী সময়ত স্বেচ্ছাসেৱকসকলে অঞ্চলটোত এক বৃক্ষ ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰে। মহাবিদ্যালয়ৰ অধ্যাপক ড° অনুপ কুমাৰ দলে , অধ্যাপিকা ড°মাধৱী দেৱী প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত স্বেচ্ছাসেৱক বাহিনীয়ে এক সুস্থ পৰিৱেশৰ বাবে আমাৰ কৰণীয় কাৰ্যপ্ৰণালীৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মাজুলী মহাবিদ্যালয়ৰ গোটে গ্ৰহণ কৰা এনে পৰিৱেশ সজাগতামূলক কাৰ্যসূচীক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে 

Related Articles