দুলীয়াজানৰ প্ৰকৃতিপ্ৰেমী নবীন বৰুৱালৈ পি এইচ ডি সন্মান

অইল ইণ্ডিয়া লিমিটেডৰ উৎপাদন বিভাগৰ কৰ্মচাৰী নবীন বৰুৱাক কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডি কে ইণ্টাৰনেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেচনৰ সহযোগত সমতা সাহিত্য অকাডেমীয়ে পি এইছ ডি ডিগ্ৰী প্ৰদান কৰিছে । তৈল নগৰী দুলীয়াজানৰ নিচেই কাষতে লাগি থকা ঊষাপুৰ খনিকৰ গাঁও নিবাসী বৰুৱাক আজি নাগপুৰত এই সন্মান প্ৰদান কৰা হয় । ১৯৯৪ চনৰ পৰা গছপুলি ৰোপণৰ যাত্ৰা আৰম্ভ কৰা নবীন বৰুৱাই পৰৱৰ্তী তিনি দশক ধৰি একেলেঠাৰিয়ে গছপুলি ৰোপণৰ লগতে এইবোৰৰ পৰিচৰ্যা কৰি আহিছে । অসমৰ চুকে-কোণে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়¸ নামঘৰ¸ মন্দিৰ¸ ৰাজপথৰ দাঁতিত লক্ষ লক্ষ গছপুলি ৰোপণ কৰি মানৱ সমাজলৈ সেৱা আগবঢ়াই আহিছে । যি সময়ত বিভিন্ন প্ৰকৃতিপ্ৰেমী বেচকাৰী সংগঠনে নিজৰ কাম-কাজ আগবঢ়াবলৈ চৰকাৰ বা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুঁজিলৈ বাট চাই থাকে¸ সেই সময়ত দুলীয়াজানৰ এই ব্যক্তিজনে সম্পূৰ্ণ নিজা আৰু একক প্ৰচেষ্টাত নিজৰ উপাৰ্জনৰ আধা অংশ গছপুলি ৰোপণৰ নামত খৰচ কৰি আহিছে ।

Related Articles