তামাৰহাটত শ শ বিঘা শালি ধান খেতিত পোকৰ আক্ৰমণ

কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ বাবে যিমানেই ন ন আঁচনি প্ৰস্থূত নকৰক কিয় প্ৰকৃতাৰ্থে এয়া এক ভেকো ভাওনাত পৰিণত হোৱা পৰিলক্ষিত হৈছে । কাৰণ চৰকাৰী ভাবে যোগান ধৰা বীজ, কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি কৃষকৰ মাজত যোগান ধৰাটো দূৰৰ কথা কৃষিকৰ্মৰ ক্ষেত্ৰত খেতিয়কক দিহা পৰামৰ্শ দিয়াৰ বাবেও কোনো দিনে দেখা পোৱা নাযায় কৃষি বিষয়া কৰ্মচাৰীক । ইপিনে উচ্ছেদক লৈ ব্যস্থ হৈ থকা মিত্ৰজোঁটৰ চকাৰ খনৰ বিয়াগম কৃষি বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে খেতি পথাৰৰ উপযুক্ত তথ্যাবোধন আৰু চিকিৎসাৰ অভাৱত বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হব লগা হৈছে খেতিয়ক সকল । ফলত খেতিয়ক সকলে ঋণ, ধাৰ কৰি খেতিপথাৰ টকা খৰচ কৰাৰ লগতে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি বিভিন্ন সময়ত খৰাং, বানপানী, অচিন বেমাৰ আৰু সমান্তৰাল ভাৱে বিভিন্ন পোকৰ আক্ৰমণত নষ্ট হৈ যোৱাৰ ফলত খেতিয়ক সকলে হাহাকাৰ কৰিব লগীয়া হয় ।

ঠিক তেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰী জিলাৰ গোলাকগঞ্জ ৰাজহ চক্ৰৰ তথা কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও বিধানসভা সমষ্টিৰ “আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ” তেলিপৰাৰ অন্তৰ্গতগত সর্পমাৰী গাওঁত । গাঁও খনৰ খেতিয়ক সকলে শালি ধানৰ কঠীয়া ৰোৱাৰ কিছুদিন পিছতে অৰ্থাৎ কঠীয়াবোৰৰ ৰং সেউজীয়া হোৱাৰ লগে লগে “মজা খোৱা পোক” আৰু “গছৰ পাত কটা” পোকৰ আক্ৰমণত শ শ বিঘা খেতিপথাৰ ধংশৰ মুখত পৰিছে । গাঁও খনৰ বাসিন্দা তথা খেতিয়ক উমেশ ৰায়, নাৰায়ণ ৰায়, আদি কৰি সকলো খেতিয়কৰ খেতিপথাৰত পোকৰ এই আক্ৰমণৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কৃষি বিভাগৰ পৰা কোনো সঁহাৰি নাপাই পোকৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত খেতিয়ক সকলে বজাৰৰ পৰা বহু ধৰণৰ কীটনাশক দ্ৰব্য ক্ৰয় কৰি আনি খেতিপথাৰত ব্যৱহাৰ কৰিছে যদিও পোকৰ উপদ্ৰপৰ পৰা কোনো ৰক্ষা পোৱা নাই ।

আনহাতে ৰাসায়নীক সাৰ, বীজ, কীটনাশক দ্ৰব্য আদি দূৰৰ কথা খেতিয়কক দিহা পৰামৰ্শ দিয়াৰ বাবে আজিলৈকে গাঁওখনত উপস্থিত হোৱা নাই কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী । মুঠৰ ওপৰত আজিলৈকে কৃষি বিভাগৰ লোকক দেখি নোপোৱাৰো অভিযোগ গাঁও খনৰ কৃষক সকলৰ । ইপিনে দিল্লী দিছ্পুৰৰ তাপ শীত নিয়ন্ত্ৰিত কোঠালিত বহি কৃষকৰ উন্নতিৰ কথা কোৱা চৰকাৰৰ মন্ত্ৰী আমলাই খেতিয়কৰ খেতিপথাৰৰ সমস্যা দূৰ নকৰিলে কৃষিৰ ওপৰত নিৰ্ভৰ কৰা এইসকল খেতিয়কৰ মূল উৎস শালি ধানৰ খেতি পোকৰ আক্ৰমণত ধ্বংস হলে অনাগত দিনত পৰিয়ালক পোহপাল দিয়াত ভীষণ অসুবিধাৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিব । ফলত খেতিপথাৰত কোনো দিনে কৃষি বিভাগৰ লোকক দেখিবলৈ নোপোৱা এইসকল কৃষকে অনতিপলমে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক খেতিপথাৰ পৰ্যবেক্ষণ কৰি পোকৰ আক্ৰমণৰ লগতে বিভিন্ন অচিন বেমাৰৰ লগতে কৃষকৰ সমস্যা সমাধান কৰাৰ বাবে কৃষি মন্ত্ৰী অতুল পৰাৰ ওপৰত দাবী জনাইছে ভুক্তভোগী কৃষকে।

Related Articles