Breaking

ডিমাকুছি বৰঙ্গাজুলি খুটিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিনামূলীয়া এলপিজি ৰন্ধন গেছ বিতৰণ

0 2,025

বিটিআৰ ওদালগুৰি জিলা ডিমাকুছি বৰঙ্গাজুলি খুটিত দেওবাৰে  ওডিছি ইন্ধন গ্ৰামীণ বিত্ৰকৰ উদ্যোগত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰধানমন্ত্ৰী উজলা আছনীৰ অধিনত বিনামূলীয়া ভাৱে এলপিজি ৰন্ধন গেছ বিতৰণ কৰে।উল্লেখ্য যে ৬৪ নং পানেৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঙ্গাজুলি খুটি অঞ্চলৰ দৰিদ্ৰ পৰিয়াল সমূহৰ সৈতেমত বিনিময় কৰি পৰিয়াল সমূহৰ অভাৱ অভিযোগ বুজ লোৱাৰ লগতে।দৰিদ্ৰ পৰিয়ালৰ সবিধাৰ্থে সম্পূৰ্ণ বিনামূলীয়া ভাৱে ৰন্ধন গেছ প্ৰদান কৰি, ৬৪ নং পানেৰি বিধানসভা  সমষ্টিৰ জলন্ত সমস্যা খোৱা পানি আৰু হাতী মানুহৰ সংঘাত সম্পৰ্কে বৰঙ্গাজুলি খুটি প্ৰাথমিক বিদ্যালয়ত বিতংভাৱে স্থানীয় লোকৰ সৈতে আলোচনা কৰে।আৰু  অতি সীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰ লগত আলোচনা কৰি জল জীৱন মিছনৰ সহায়ত সমষ্টি বাসীৰ পানীৰ সমস্যা সমাধান কৰাৰ  লগতে সঘনে হাতী মানুহৰ সংঘাত নহোৱাকৈ ভাৰত ভূটান সীমান্তৰ অৰণ্য বা দাতি কাষৰীয়া অঞ্চল সমূহ হাতীৰ বাবে খাদ্য ফল-মূল, গছ-গছনী ৰোপণ কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে যাক লৈ ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে সমষ্টি বাসী ৰাইজ।

Leave A Reply