‘সপোনৰ অসম আৰু বাস্তৱ চিন্তা’ উন্মোচন

বাস্তৱবাদী চিন্তাৰ পূৰ্ণ প্ৰতিফলন কেনেদৰে কৰিব পাৰি তাক সাকাৰ ৰূপ দি কবি অৰূপজ্যোতি হাজৰিকাই প্ৰকাশ কৰিছে “সপোনৰ অসম ” আৰু ” বাস্তৱ চিন্তা” নামৰ দুখন গ্ৰন্থ।যোৰহাট  প্ৰেছ ক্লাৱত বাস্তৱবাদী চিন্তাৰ ” সপোনৰ অসম” আৰু বাস্তৱ চিন্তা গ্ৰন্থ দুখন উন্মোচন কৰে দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁইয়ে । বৰ্ণমালা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পৰিচালনা কৰে সাহিত্যিক পেঞ্চনাৰ হেমচন্দ্ৰ শইকীয়াই । যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড° ৰাতুল চন্দ্ৰ বৰা ,যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰদীপ ৰাজখোৱা উপস্থিত থকা সভাত জিলা খনৰ বহুকেইগৰাকী  বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতাপ চন্দ্ৰ বৰা,অশান্ত ৰাতুল দত্ত,ৰেণু বৰা দত্ত,প্ৰবীণ দাস প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকি সৌস্তৱ বৃদ্ধি কৰে। লেখক হাজৰিকাই জনোৱা মতে ১১০ টকা মূল্যৰ  গ্ৰন্থ কেইখন ক্ৰয় কৰিব বিচাৰিলে ৯৯৫৪৯ ৭৮৩৮১ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

Related Articles