নগাঁও চামগুৰিত মন্ত্ৰী পীয়ুষ হাজৰিকা

নগাঁও জিলাৰ অন্তৰ্গত চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম(NHIDCL)ৰ দ্বাৰা ৰাষ্ট্রীয় ঘাইপথৰ নিৰ্মাণৰ বাবে সেই পথৰ দাঁতিত অৱস্থিত দুখনকৈ শৰাই ভাঙি পেলোৱা হৈছিল। আজি সেই স্থান পৰিদৰ্শন কৰি ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰতীক স্বৰূপ দুয়োখন শৰাইকে পথৰ দাঁতিৰ পৰা আঁতৰাই স্থানীয় জ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শ মৰ্মে বৈদিক ৰীতিনীতিৰে বিসৰ্জন কৰি পুনৰাই অতি সোনকালে শংকৰী সংস্কৃতিৰ উৎকৃষ্ট শৈলীৰে সুন্দৰকৈ নিৰ্মান কৰিবৰ বাবে নিৰ্দেশ প্ৰদান মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। এই পৰিদৰ্শন কালত নগাঁও জিলাৰ উপায়ুক্ত , কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া , স্থানীয় সচেতন ৰাইজ আৰু ভাৰতীয় জনতা পাৰ্টিৰ একাংশ কাৰ্যকৰ্তা উপস্থিত থাকে।

Related Articles